নিউজ ডেস্ক, 16 আগষ্ট : বিহাৰৰ বেটিয়াত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ তিনি মহলাৰ ওপৰৰ পৰা দলিয়ালে নৱজাতকক ৷ অৱশ্যে সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰে কন্যা শিশুটিৰ ৷ বৰ্তমান নৱজাতকটি নৰকটিয়াগঞ্জ উপ-বিভাগীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
জানিব পৰা মতে বুধবাৰে পুৱা মহকুমা চিকিৎসালয়খনৰ জৰুৰীকালীন ৱাৰ্ডৰ পিছফালে শিশুটিৰ কান্দোনৰ শব্দ হয় শুনা যায় ৷ নৈশ চকীদাৰ প্ৰদীপ গিৰিয়ে কেঁচুৱাটোৰ মাত শুনি সহকৰ্মীক মাতি আনি পানীত সোমাই নৱজাত শিশুটিক উদ্ধাৰ কৰে ৷ পৰিত্যক্ত অৱস্থাত পেলাই দিয়া নৱজাতক কেঁচুৱাটিৰ বিষয়ে চিকিৎসালয় প্ৰশাসনক অৱগত কৰা হয় ৷ ইয়াৰ পিছতে চিকিৎসালয় প্ৰশাসনে কন্যা শিশুটিৰ চিকিৎসা আৰম্ভ কৰিছে ৷
নৈশ চকীদাৰ প্ৰদীপ গিৰিয়ে কয় যে, "যেতিয়া আমি শিশুটিয়ে কান্দি থকা শুনি চাবলৈ গৈছিলো, তেতিয়া শিশুটি মাটিত পৰি আছিল ৷ চাৰিওফালে পানী জমা হৈ আছিল ৷ আমি শিশুটিক পানীত সোমাই বাহিৰলৈ উলিয়াই আনিছিলো আৰু তাৰ পিছত চিকিৎসালয়লৈ লৈ আহিছিলো ৷ চিকিৎসকে ছোৱালীজনীক চিকিৎসা কৰিছে ৷ শিশুটিক তিনি মহলাৰ ওপৰৰ পৰা তললৈ পেলাই দিয়া হৈছিল ৷ শিশুটি এতিয়া নিৰাপদ।"