অসম

assam

ETV Bharat / bharat

নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰত নিষেধাজ্ঞা - ত্ৰিপুৰা আৰক্ষীয়ে ৰাজ্যখনত কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে

এতিয়াৰে পৰা নিশা ১০ বজাৰ পাছত কোনো লোকে উচ্চস্বৰত গান বজোৱা বা লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব (Ban on using loudspeakers in Tripura) । ত্ৰিপুৰা আৰক্ষীয়ে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আৰু আদালত আদিক 'চাইলেঞ্চ জ'ন' (Silence Zone) হিচাপে ঘোষণা কৰিছে । নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ।

Tripura police
নিশা ১০ বজাৰ পাছত ত্ৰিপুৰাত লাউডস্পীকাৰৰ ব্যৱহাৰত নিষেধাজ্ঞা

By

Published : Mar 12, 2022, 12:11 PM IST

আগৰতলা, ১২ মাৰ্চ :শেহতীয়াকৈ ত্ৰিপুৰা আৰক্ষীয়ে ৰাজ্যখনত কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে (Tripura police have issued new guidelines) । নিৰ্দেশনা অনুসৰি নিশা ১০ বজাৰ পাছত উচ্চস্বৰত গান বজোৱা বা লাউড স্পীকাৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি (Ban on using loudspeakers in Tripura) কৰা হৈছে । আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনোৱা হৈছে ।

বিজ্ঞপ্তি অনুসৰি, নিশা উচ্চস্বৰত গান বজোৱা সন্দৰ্ভত আৰক্ষীয়ে কেইবাটাও অভিযোগ লাভ কৰিছে । আনহাতে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আৰু আদালতৰ দৰে এলেকাসমূহক 'চাইলেঞ্চ জ'ন'(Silence Zone) হিচাপে ঘোষণা কৰা হৈছে (Tripura police have declared several places as silence zones) । উক্ত অঞ্চলবোৰৰ ১০০ মিটাৰ এলেকাৰ ভিতৰত লাউড স্পীকাৰৰ ব্যৱহাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।

প্ৰেক্ষাগৃহ, কনফাৰেন্স ৰুম, কমিউনিটি হল, বেঙ্কুৱেট হল বা ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ বাহিৰে নিশাৰ সময়ত কোনো লাউড স্পীকাৰ বা উচ্চ শব্দ সৃষ্টিকাৰী বাদ্যযন্ত্ৰ আদি বজোৱাত বাধা আৰোপ কৰা হৈছে । আৰক্ষীৰ এই নিৰ্দেশনা পালন কৰিবলৈ ত্ৰিপুৰাৰ ৰাইজক আহ্বান জনাইছে প্ৰশাসনে । নিৰ্দেশনা উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে আৰক্ষীয়ে । এই ক্ষেত্ৰত ১১২ হেল্পলাইনৰ সহায় ল'বলৈ ৰাইজক আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক :পৰিভ্ৰমী পক্ষী সংৰক্ষণৰ বাবে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশ

For All Latest Updates

ABOUT THE AUTHOR

...view details