নেশ্যনেল ডেস্ক, 22 জানুৱাৰী :শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদৰি কৰে যে, ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা গ্ৰেনাইট প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব (Granite statue of Netaji in India Gate) ৷ যি সময়ত ইণ্ডিয়া গেটত অমৰ জোৱান জ্যোতিৰ শিখা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ সৈতে একত্ৰিত হোৱাৰ বাবে বাবে কেন্দ্ৰীয় চৰকাৰক বিৰোধী দলসমূহক লক্ষ্য কৰি লৈছে (Amar Jawan jyoti controversy), সেই সময়তে প্ৰধানমন্ত্ৰীয়ে এই ঘোষণা কৰিছে ৷
উল্লেখ্য যে, ১৯৭২ চনৰ ২৬ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অমৰ জোৱান জ্যোতি উদ্বোধন কৰিছিল । সেনা বিষয়াসকলে জানিবলৈ দিয়া মতে, অমৰ জোৱান জ্যোতিক শুকুৰবাৰে আবেলি ইণ্ডিয়া গেটৰ আনটো ফালে মাত্ৰ ৪০০ মিটাৰ দূৰত্বত অৱস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত জ্বলন্ত শিখাৰে একত্ৰিত কৰা হ'ব ৷