অসম

assam

ETV Bharat / bharat

নেপালে সোনকালে ঘোষণা কৰিব এভাৰেষ্টৰ নতুন উচ্চতা

এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতা 1954 চনতে ভাৰতীয় জৰীপ বিভাগে ঘোষণা কৰিছিল ৷ নেপালে এভাৰেষ্টৰ উচ্চতা পুনৰ জোখাৰ কথা ঘোষণা কৰাৰ পাছত ভাৰতেও এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল ৷ কিন্তু নেপালে ভাৰতৰ এই প্ৰস্তাৱ নাকচ কৰি নিজে পৰিমাপ কৰাৰ কথা উল্লেখ কৰে ।

By

Published : Nov 26, 2020, 2:17 PM IST

Nepal to announce new height of Mt Everest soon
নেপালে সোনকালে ঘোষণা কৰিব এভাৰেষ্টৰ নতুন উচ্চতা

নিউজ ডেস্ক, ২৬ নৱেম্বৰ: নেপালে অতি সোনকালে বিশ্বৰ আটাইতকৈ ওখ শৃংগ এভাৰেষ্টৰ নতুন উচ্চতা ঘোষণা কৰিব । বুধবাৰে সন্ধিয়া অনুষ্ঠিত এখন কেবিনেট বৈঠকত নেপালৰ ভূমি ব্যৱস্থাপনা মন্ত্ৰণালয়ক এভাৰেষ্টৰ উচ্চতা ঘোষণা কৰিবলৈ অনুমতি দিয়ে ৷ আৰু কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শৃংগটো উচ্চতা দেখা গৈছে যদিও এতিয়াও এই সন্দৰ্ভত আনুষ্ঠানিকভাবে কোনো ধৰণৰ ঘোষণা কৰা হোৱা নাই ।

নেপালৰ ভূমি ব্যৱস্থাপনা মন্ত্ৰী পদ্ম কুমাৰী আৰ্যলে এভাৰেষ্টৰ উচ্চতা জোখাৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি উল্লেখ কৰি শীঘ্ৰে এই সন্দৰ্ভত ঘোষণা কৰাৰ কথা ব্যক্ত কৰে ৷ নেপালে 2015 চনৰ ভূমিকম্পৰ পাছত এভাৰেষ্টৰ উচ্চতাক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছিল আৰু 2017 চনত নিজৰ সম্পদেৰে বিশ্বৰ আটাইতকৈ ওখ শৃংগটোৰ পুনৰ জোখাৰ কাম আৰম্ভ কৰিছিল ।

বিগত বৰ্ষত চীনৰ ৰাষ্ট্ৰপতি জিনপিং ভ্ৰমণৰ সময়ত নেপাল আৰু চীনে একেলগে কাঠমাণ্ডু আৰু বেইজিংত এভাৰেষ্টৰ উচ্চতা পুনৰ নিৰূপণ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা নেপালৰ ভূমি ব্যৱস্থাপনা মন্ত্ৰণালয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে,এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতা 1954 চনতে ভাৰতীয় জৰীপ বিভাগে ঘোষণা কৰিছিল ৷ নেপালে এভাৰেষ্টৰ উচ্চতা পুনৰ জোখাৰ কথা ঘোষণা কৰাৰ পাছত ভাৰতেও এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল ৷ কিন্তু নেপালে ভাৰতৰ এই প্ৰস্তাৱ নাকচ কৰি নিজে পৰিমাপ কৰাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক: ছত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত মাওবাদী

ABOUT THE AUTHOR

...view details