নেশ্যনেল ডেস্ক, 18 জানুৱাৰী:নেপাল বিমান দুৰ্ঘটনাৰ তিনিদিন অতিক্ৰম কৰাৰ পিছতো সন্ধানহীন যাত্ৰীৰ সন্ধানত নেপালত অব্যাহত আছে উদ্ধাৰ অভিযান (Nepal plane crash) ৷ এতিয়ালৈ এই দুৰ্ঘটনাত মৃত্যু হোৱা 71 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে (deadliest airplane accident in Nepal) ৷ এতিয়াও লোকগৰাকীক উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে (Search continues for last missing person) ৷ অৱশ্য এতিয়ালৈ লোকগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ আশা ক্ষীণ বুলি উদ্ধাৰকাৰী দলে জানিবলৈ দিয়ে ৷
যোৱা ১৫ জানুৱাৰীত পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত হয় য়েটি এয়াৰলাইনৰ এ টি আৰ - ৭২ বিমানখন। এই দুৰ্ঘটনাত বিমানখনত থকা 72 গৰাকী আৰোহীৰ মৃত্যু হয়(Nepal plane crash that killed 72)।
এই ভয়ংকৰ দুৰ্ঘটনাৰ বিষয়ে গৌৰৱ গুৰুং নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে দিয়া বিৱৰণী অনুসৰি বিমানখন অৱতৰণ কৰিবলৈ লওতেই বিমানখন বতাহত অনিয়ন্ত্ৰিতভাৱে উৰি থকা পৰিলক্ষিত কৰিছিল ৷ বিমানখনে প্ৰথমে বাওঁফালে পৰি পাহাৰত খুন্দা মাৰে ।
ইফালে বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি পুৱা 10.50 বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে শেষবাৰৰ বাবে ছেটি খাদৰ সমীপৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল (aircraft crashed at Pokhara Airport) ৷ তাৰ পিছতেই স্থানীয় লোক আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতাত বিমানখনৰ পৰা লোকসকলৰ মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে ৷
মৃতদেহ বিচাৰি উলিওৱাত সহায় কৰিবলৈ চেটি নদীৰ সমীপৰ দুৰ্ঘটনাস্থলীলৈ যোৱা স্থানীয় বাসিন্দা বিষ্ণু তিৱাৰীয়ে ধোঁৱা আৰু অগ্নিকাণ্ডৰ বাবে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে । তেওঁ কয়, “দুৰ্ঘটনাস্থলী জুয়ে আৱৰি থকাৰ বাবে আমি ধ্বংসাৱশেষৰ ওচৰলৈ যাব পৰা নাছিলো । এজন মানুহে সহায় বিচাৰি কান্দি থকা শুনিছিলো, কিন্তু জুইৰ শিখা আৰু ধোঁৱাৰ বাবে আমি তেওঁক সহায় কৰিব নোৱাৰিলোঁ ।’’