নিউজ ডেস্ক, ৭ মাৰ্চ :নাগালেণ্ডৰ শক্তিশালী নেতা নেফিঅ' ৰিঅ'ক মঙলবাৰে ৰাজ্যপাল লা গণেশনে অভিলেখ সংখ্যক পঞ্চম কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায় (Neiphiu Rio takes oath as Nagaland Chief Minister) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে (Modi attended Neiphiu Rio oath taking ceremony) । উল্লেখ্য যে, উত্তৰ-পূবৰ এই ৰাজ্যখনত শপত গ্ৰহণ অনুষ্ঠানত কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে ।
শপত গ্ৰহণ অনুষ্ঠান কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কেপিটেল কালচাৰেল হলত অনুষ্ঠিত হয় (Neiphiu Rio takes oath at Capital Cultural Hall) । উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma), অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেও (Union Minister of State Ramdas Athawale) শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে । উল্লেখ্য যে ৰিঅ' নেতৃত্বাধীন মিত্ৰজোঁটৰ ২০১৮ চনৰ শপত গ্ৰহণ অনুষ্ঠানৰ সম্পূৰ্ণ বিপৰীত আছিল এইবাৰৰ শপত গ্ৰহণ কাৰ্যসূচী । কিয়নো যোৱাবাৰ স্থানীয় এক খেলপথাৰত এক বিশাল আয়োজনেৰে ৰাজহুৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নেফিঅ' ৰিঅ'ই ।
উল্লেখ্য যে এই শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰে (Modi attended Conrad Sangma oath taking ceremony) । কনৰাড চাংমাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ শাসনৰ বাঘজৰী হাতত লৈছে । দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ অহা তেওঁৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকিব ।