অসম

assam

ETV Bharat / bharat

NEET-UG পৰীক্ষা সন্দৰ্ভত চৰকাৰক কিয় সমালোচনা কৰিলে শচী থাৰুৰে ?

NEET-UG পৰীক্ষাৰ নিৰ্ধাৰিত তাৰিখকলৈ সম্প্ৰতি দেশত বিতৰ্ক অব্যাহত আছে । পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া দিনটোকলৈ সন্তুষ্ট নহয় একাংশ ছাত্ৰ-ছাত্ৰী । ইয়াৰ মাজতে কংগ্ৰেছ নেতা শচী থাৰুৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

NEET UG
NEET UG পৰীক্ষা সন্দৰ্ভত চৰকাৰক সমালোচনা শচী থাৰুৰৰ

By

Published : Sep 9, 2021, 3:42 PM IST

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ:অহা ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এনইইটি-ইউজি (NEET-UG) পৰীক্ষা । অৱশ্যে এই পৰীক্ষাক লৈ বিভিন্ন মহলত বিতৰ্ক অব্যাহত আছে । সেই দিনটোত আন কেইবাটাও পৰীক্ষা অনুষ্ঠিত হ'ব ।

যাৰ বাবে একেটা দিনতে NEET-UG পৰীক্ষা অনুষ্ঠিত কৰাক লৈ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিছে বহু বিৰোধীয়ে । জ্যেষ্ঠ কংগ্ৰেছী নেতা শশী থাৰুৰে (Shashi Tharoor) বৃহস্পতিবাৰে চৰকাৰক সমালোচনা কৰা দেখা গ'ল । নেতাগৰাকীৰ মতে শিক্ষাৰ্থীৰ দাবীক উপেক্ষা কৰি NEET-UG পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তই চৰকাৰৰ দূৰ্বল দিশটো প্ৰতিফলিত কৰিছে । চৰকাৰৰ সুদৃষ্টি নথকাৰ বাবে এই সিদ্ধান্ত লৈছে ।

নেতাগৰাকীৰ অভিযোগ, চৰকাৰে সময়মতে পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ প্ৰদান কৰাত ব্যৰ্থ হৈছে ৷ লগতে প্ৰতিখন চহৰতে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাত ব্যৰ্থ হৈছে চৰকাৰ । যাৰ বাবে ক'ভিড পৰিস্থিতিৰ (Covid situation) মাজতো পৰীক্ষাৰ্থীসকলে বিপদজনক যাত্ৰা কৰিবলগীয়া হৈছে । ক'ভিড যোদ্ধা সকলক এনেদৰে ব্যৱহাৰ কৰাটো অতি অপমানজনক বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে । লগতে তেওঁ কয় যে বিজেপিয়ে আমোলাৰ পৰিৱৰ্তে সাধাৰণ লোকৰ বাবে কাম কৰা উচিত ।

উল্লেখ্য যে যিহেতু আন কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষাও একেটা দিনতে অনুষ্ঠিত হ'ব ৷ সেয়ে NEET-UG পৰীক্ষা বাতিলক লৈ বহু ছাত্ৰ-ছাত্ৰীয়ে আপত্তি দৰ্শাইছিল । সামাজিক মাধ্যমযোগে শিক্ষাৰ্থীসকলে চৰকাৰক পৰীক্ষা বাতিলৰ বাবে আহ্বানো জনাইছে । ইফালে সোমবাৰে পৰীক্ষা স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি ন্যায়ালয়ে পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰাটো একপ্ৰকাৰ অন্যায় হ'ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :ABVPয়ে ঘেৰাও কৰিলে ত্ৰিপুৰাৰ শিক্ষা ভৱন : আৰক্ষীৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details