অসম

assam

ETV Bharat / bharat

NDA Meet in Delhi : দিল্লীত এনডিএৰ বৈঠক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ - PM Modi addressed NDA Meet in Delhi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এনডিএৰ বৈঠক আৰম্ভ হয় । প্ৰধানমন্ত্ৰী মোদীকে ধৰি দলৰ বহুতো নেতাই বৈঠকত অংশগ্ৰহণ কৰে ।

NDA Meet in Delhi
NDA Meet in Delhi

By

Published : Jul 18, 2023, 7:44 PM IST

নিউজ ডেস্ক, ১৮ জুলাই :বেংগালুৰুত বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ সমান্তৰালভাৱে মঙলবাৰে দিল্লীত অনুষ্ঠিত হয় শাসকীয় এনডিএ মিত্ৰজোঁটৰো বৈঠক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মঙলবাৰে সন্ধিয়া দিল্লীৰ অশোক হোটেলত অনুষ্ঠিত এনডিএৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ বহু নেতা উপস্থিত হয় । ইফালে প্ৰধানমন্ত্ৰী মোদীক বিজেপি সভাপতি জে পি নাড্ডা, শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এআইএডিএমকে নেতা কে পালানিস্বামী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই আদৰণি জনায় । এই বৈঠকখন বেংগালুৰুৰ বৃহৎ বিৰোধী সন্মিলনৰ সমান্তৰালভাৱে অনুষ্ঠিত হৈছে আৰু শাসকীয় দলে নিজৰ শক্তি প্ৰদৰ্শনৰ অংশ হিচাপে দেখা গৈছে ।

বৈঠকৰ পূৰ্বে মোদীয়ে কয় যে কেন্দ্ৰৰ শাসকীয় মিত্ৰজোঁটে সময়ৰ পৰীক্ষাত থিয় দিছে আৰু ৰাষ্ট্ৰীয় প্ৰগতি ৰক্ষা কৰিব বিচাৰে । লগতে আঞ্চলিক আকাংক্ষা পূৰণ কৰিব বিচাৰে বুলিও তেওঁ কয় ।

"আজি দিল্লীত অনুষ্ঠিত এনডিএৰ বৈঠকত সমগ্ৰ ভাৰতৰ পৰা আমাৰ মূল্যৱান সহকৰ্মীসকলে অংশগ্ৰহণ কৰাটো অতি আনন্দৰ বিষয় । আমাৰ মিত্ৰজোঁটে সময়ৰ পৰীক্ষাত থিয় দিছে, ৰাষ্ট্ৰীয় প্ৰগতিক আগুৱাই নিবলৈ আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিবলৈ বিচাৰিছে ।" তেওঁ কয় ।

উল্লেখ্য, বৈঠকখন এনে এক সময়ত অনুষ্ঠিত হৈছে, যিটো সময়ত বিৰোধী দলবোৰে মঙলবাৰে বাংগালুৰুত তেওঁলোকৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ মিত্ৰতাক 'ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুচিভ এলায়েন্স (INDIA) বুলি নামকৰণ কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাৱড়েয়ে সভাস্থলীত উপস্থিত থকা বিজেপিৰ নেতাসকলৰ লগতে মিত্ৰশক্তিক আদৰণি জনায় । মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ এইখন হৈছে প্ৰথম বৈঠক ।

এই বৈঠকখন এনডিএৰ ২৫ বছৰ পূৰ্ণ হোৱা আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ৯ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত হৈছে । এই বৈঠকখন শাসকীয় দলটোৰ শক্তি প্ৰদৰ্শনৰ কৌশল হিচাপেও পৰিগণিত হৈছে । আনহাতে, কংগ্ৰেছে এই বৈঠকক পাটনা আৰু বেংগালুৰুৰ বিৰোধী ঐক্য বৈঠকৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হিচাপে অভিহিত কৰিছে । কিন্তু ইয়াৰ প্ৰত্যুত্তৰত বিজেপিয়ে দলটোক সোঁৱৰাই দিছে এনডিএ মিত্ৰজোঁট গঠন হোৱা ২৫ বছৰ সম্পূৰ্ণ হৈছে আৰু ২০১৪ আৰু ২০১৫ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো বিজেপিয়ে মিত্ৰ দলসমূহৰ মান-মৰ্যাদা অক্ষুণ্ণ ৰাখি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে ।

এন ডি এ মিত্ৰজোঁটৰ ২৫ বছৰ আৰু কেন্দ্ৰত মোদী চৰকাৰৰ ন বছৰ উপলক্ষে আয়োজিত এন ডি এৰ বৈঠকখনকো শক্তি প্ৰদৰ্শন হিচাপে দেখা গৈছে। কংগ্ৰেছে ইয়াক পাটনা আৰু বেংগালুৰু বৈঠকৰ পাৰ্শ্বক্ৰিয়া বুলি অভিহিত কৰিছে, কিন্তু ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, বিজেপিয়ে তেওঁলোকক সোঁৱৰাই দিছে যে এন ডি এ মিত্ৰতা গঠন হোৱাৰ ২৫ বছৰ হ'ল আৰু ২০১৪ আৰু ২০১৯ চনত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো বিজেপিয়ে মিত্ৰশক্তিৰ সন্মান বজাই ৰাখি আন মিত্ৰ দলসমূহক মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে ।

লগতে পঢ়ক :Oppositions meeting : বিৰোধী মহাজোঁটৰ নাম ঘোষণা, পৰৱৰ্তী বৈঠক মুম্বাইত

ABOUT THE AUTHOR

...view details