নিউজ ডেস্ক, ১৭ নৱেম্বৰ :ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শুকুৰবাৰে সমাপ্ত হৈছে । তাৰ মাজতে গৰিয়াবান্দত নক্সালবাদীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰে । আইইডি বিস্ফোৰণত এগৰাকী আইটিবিপি জোৱান শ্বহীদ হয় । জানিব পৰা মতে, ভোটগ্ৰহণৰ পিছত উভতি অহাৰ সময়ত নিৰাপত্তা বাহিনীৰ দলটোক বদে গোব্ৰাৰ ওচৰত নক্সালবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় । নক্সালবাদীয়ে আইইডি বিস্ফোৰণেৰে আক্ৰমণ কৰে । এই ঘটনাত এগৰাকী আইটিবিপি জোৱান আহত হয় । তেওঁক চিকিৎসাৰ বাবে গাৰিয়াবান্দৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।
গাৰিয়াবান্দৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ঘটনাৰ বিষয়ে অৱগত কৰি কৈছে যে ঘটনাটো বাডে গোব্ৰা গাঁৱৰ ওচৰত সংঘটিত হয় । নিৰাপত্তাৰক্ষীৰ বেষ্টনীত এটা ভোটগ্ৰহণকাৰী দলে উভতি অহাৰ সময়ত নক্সালবাদীয়ে বিস্ফোৰণ ঘটায় । এই আক্ৰমণত আইটিবিপিৰ জোৱানগৰাকী শ্বহীদ হয় । জোৱানজনক হেড কনিষ্টবল যোগিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে । অতিৰিক্ত বাহিনীক ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় আৰু অনুসন্ধান অভিযান তীব্ৰতৰ কৰা হৈছে ।