অসম

assam

By

Published : Jun 11, 2021, 7:56 PM IST

ETV Bharat / bharat

'ব্ৰু'ৰ পুনৰ সংস্থাপনৰ বাবে ভংগ হৈছে নেকি পৰিৱেশ আইন !

ত্ৰিপুৰাত পুনৰ আইন বিবাদৰ মাজত সোমাই পৰিছে 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ লোকসকল । এই লোকসকলৰ বাবে এতিয়া ত্ৰিপুৰাত বাসগৃহ নিৰ্মাণ কৰা হৈছে । কিন্তু, 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ লোকৰ পুনৰ সংস্থাপনৰ বাবে বনধ্বংস কৰা সন্দৰ্ভত ত্ৰিপুৰাৰ পৰিৱেশ, জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, বনবিভাগৰ প্ৰধান সচিব আৰু উত্তৰ ত্ৰিপুৰাৰ জিলা দণ্ডাধীশৰ পৰা স্পষ্টীকৰণ বিচাৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ(National Green Tribunal)ৰ পূৱমণ্ডল বিচাৰপীঠে ।

national green tribunal issued notice to ministry of environment climate change tripura
'ব্ৰু'ৰ পুনৰ সংস্থাপনৰ বাবে ভংগ হৈছে নেকি পৰিৱেশ আইন

নেশ্যনেল ডেস্ক, ১১ জুন: 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ লোকৰ পুনৰ সংস্থাপনৰ বাবে বন ধ্বংস কৰা সন্দৰ্ভত ত্ৰিপুৰা(Tripura)ৰ পৰিৱেশ, জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়(Ministry of environment, climate change) বন বিভাগৰ প্ৰধান সচিব আৰু উত্তৰ ত্ৰিপুৰাৰ দিলা দণ্ডাধীশলৈ জাননী জাৰি কৰি স্পষ্টীকৰণ বিচাৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ(National Green Tribunal)ৰ পূৱ মণ্ডল বিচাৰপীঠে ।

ব্ৰু" সম্প্ৰদায়ৰ লোকৰ পুনৰ সংস্থাপনৰ বাবে বাছনি কৰা স্থানক লৈ অসন্তুষ্ট ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

অভিযোগকাৰী ধানিস্বৰ দেৱনাথৰ মতে, 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণ আৰু সা-সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে বনাঞ্চলৰ ২৫০ হেক্টৰ ভূমি ধ্বংস কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আইনৰ উলংঘা কৰা হৈছে । বৰ্তমানৰ মূল আবেদনখনত অভিযোগকাৰীয়ে উল্লেখ কৰা মতে, ২০২০ চনৰ ১৬ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰ, মিজোৰামৰ ৰাজ্য চৰকাৰ আৰু ত্ৰিপুৰাৰ শৰণাৰ্থী শিবিৰত বাস কৰা 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ লোকৰ মাজত চুক্তি স্বাক্ষৰিত হয় ।

ব্ৰু" সম্প্ৰদায়ৰ লোকৰ পুনৰ সংস্থাপনৰ বাবে বাছনি কৰা স্থানক লৈ অসন্তুষ্ট ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

এই চুক্তি অনুসৰি, ত্ৰিপুৰা ৰাজ্যৰ ভিতৰতে 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ লোকক পুনৰ সংস্থাপন দিয়াৰ সিদ্ধান্ত লোৱা হয় । 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ লোকসকল মূলতঃ মিজোৰামৰ । কিন্তু স্থানীয় মিজোসকলৰ সৈতে সংঘাতৰ সৃষ্টি হোৱা বাবে তেওঁলোক তাৰ পৰা ত্ৰিপুৰালৈ স্থানান্তৰিত হয় । আবেদনকাৰীয়ে যুক্তি দিছে যে, মিজোৰাম(Mizoram)ৰ পৰা ত্ৰিপুৰালৈ যোৱা 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ প্ৰায় ৪০ হাজাৰ লোকৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে বনাঞ্চলৰ ভিতৰত নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ বাবে ১১ মে'ত নিবিদা বিচাৰিছে ।

ব্ৰু" সম্প্ৰদায়ৰ লোকৰ পুনৰ সংস্থাপনৰ বাবে বাছনি কৰা স্থানক লৈ অসন্তুষ্ট ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

উল্লেখ্য যে, উক্ত স্থান এতিয়া সেউজীয়া গছ-গছনিৰে আৱৰি আছে আৰু এই ২৫০ হেক্টৰৰো অধিক ভূমিত ১৯৮০ চনৰ বন সংৰক্ষণ আইন উলংঘা কৰি 'ব্ৰু'(BRU) সম্প্ৰদায়ৰ লোকক সংস্থাপন দিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে ।

ব্ৰু" সম্প্ৰদায়ৰ লোকৰ পুনৰ সংস্থাপনৰ বাবে বাছনি কৰা স্থানক লৈ অসন্তুষ্ট ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ

ন্যায়াধীশ অমিত স্থালেকাৰ(ন্যায়িক সদস্য) আৰু শৈবাল সেনগুপ্তাই (বিশেষজ্ঞ সদস্য) এই বিষয়টো বিবেচনাযোগ্য বুলি মতামত প্ৰকাশ কৰি বন বিভাগৰ প্ৰধান সচিব, জিলা দণ্ডাধীশ আৰু উত্তৰ ত্ৰিপুৰা জিলাৰ উপায়ুক্তলৈ জাননী জাৰী কৰে আৰু স্পষ্টীকৰণ বিচাৰে । সংশ্লিষ্ট উত্তৰদাতাক তালিকাভুক্তিৰ পৰৱৰ্তী তাৰিখৰ ভিতৰত তেওঁলোকৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । আদেশৰ প্ৰতিলিপিত এইটোও উল্লেখ কৰা হৈছে যে কাঞ্চনপুৰৰ এছ ডি এফ অ'য়ো ন্যায়ালয়ৰ ওচৰত শপতনামা হিচাপে দাখিল কৰিব । উত্তৰ ত্ৰিপুৰাৰ বন উপ-বিভাগৰ কাঞ্চনপুৰৰ উপ-বিভাগীয় বন বিষয়াই বিগত বৰ্ষৰ ২৪ ডিচেম্বৰত জাৰি কৰা এখন পৰিপূৰক শপতনামাও দাখিল কৰিব ।

লগতে পঢ়ক:বিগত ২৪ ঘণ্টাত দেশত 91,702 গৰাকী লোক কৰ'ণাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details