অসম

assam

ETV Bharat / bharat

ম্যানমাৰৰ শৰণাৰ্থীৰ মাজত খাদ্য সামগ্ৰী, নগদ ধন বিতৰণ এম জেড পিৰ - নগদ ধন বিতৰণ এম জেড পিৰ

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অভ্যত্থানৰ পিছত নিজ দেশৰ পৰা পলাই আহি মিজোৰামত আশ্ৰয় লোৱা ম্যানমাৰৰ নাগৰিকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে মিজো জিৰলাই পাৱলে । মিজোৰামৰ বিভিন্ন গাঁৱত আশ্ৰয় লৈ থকা শৰণাৰ্থীসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে সংস্থাটোৱে । লগতে শৰণাৰ্থীসকলক আৰ্থিক সাহায্যও প্ৰদান কৰে ।

ম্যানমাৰৰ শৰণাৰ্থীৰ মাজত খাদ্য সামগ্ৰী, নগদ ধন বিতৰণ মিজো জিৰলাই পাৱলৰ
ম্যানমাৰৰ শৰণাৰ্থীৰ মাজত খাদ্য সামগ্ৰী, নগদ ধন বিতৰণ মিজো জিৰলাই পাৱলৰ

By

Published : Apr 9, 2021, 8:05 PM IST

নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল: আপোন ঘৰ, স্বদেশ এৰি মিজোৰামত আশ্ৰয় লোৱা ম্যানমাৰৰ শৰণাৰ্থীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মিজো জিৰলাই পাৱল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিন ব্যাপ্টিষ্ট চাৰ্চে । ম্যানমাৰৰ শৰণাৰ্থীসকলৰ মাজত ৩০.৪ লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে সংস্থা দুটাই ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অভ্যত্থানৰ পিছত সেনা বাহিনীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ নিজ দেশ এৰি পলায়ন কৰিছিল ম্যানমাৰৰ বহু নাগৰিকে । বৰ্তমান মিজোৰামৰ বিভিন্ন গাঁৱত আশ্ৰয় লৈ এই সকল লোকে ।

ম্যানমাৰৰ শৰণাৰ্থীৰ মাজত খাদ্য সামগ্ৰী, নগদ ধন বিতৰণ মিজো জিৰলাই পাৱলৰ

মিজো জিৰলাই পাৱল সাধাৰণ সম্পাদক লালনুনমাৱিয়া পুটুৱে কয় যে, ম্যানমাৰৰ পৰা সকলো ভাই-ভনীক তেওঁলোকে আশ্বাস দিছে যে মিজোৰামৰ লোকসকলে তেওঁলোকৰ পৰিস্থিতি বুজি পাইছে আৰু প্ৰয়োজনীয় সহায় আগবঢ়াব বিচাৰে ৷

লগতে তেওঁলোকক ভাল অতিথি হৈ থাকিবলৈ আৰু কোনো সমস্যা সৃষ্টি নকৰিবলৈ অথবা অবৈধ কাৰ্যকলাপত লিপ্ত নহ'বলৈ অনুৰোধ কৰে সাধাৰণ সম্পাদকগৰাকীয়ে । ফাৰকাৱন, খাৱবুং, থেকটে আৰু থেকপুই গাঁৱত আশ্ৰয় লৈ থকা ম্যানমাৰৰ শৰণাৰ্থীসকলক নগদ ৩০.৪ লাখ টকা প্ৰদান কৰাৰ লগতে চাউল, দাইল, আলু আদি প্ৰদান কৰা হয় ।


লগতে পঢ়ক:COVID-১৯ প্ৰতিষেধকৰ ৰপ্তানি বন্ধৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ ৰাহুলৰ

ABOUT THE AUTHOR

...view details