নেশ্যনেল ডেস্ক,৩ আগষ্ট :ধৰ্মৰ নামত আজি দেশত বহু ঘটনা সংঘটিত হৈছে । লাভ জিহাদকে ধৰি ধৰ্মান্তকৰণৰ বহু ঘটনা সংঘটিত হৈ থকাৰ মাজতে কৰ্ণাটকৰ এগৰাকী ব্যক্তিয়ে দাঙি ধৰিলে মানৱীয়তাৰ অন্যতম নিদৰ্শন । বহুতৰে মনত এতিয়া ঠাই পাইছে মেহবুব মাছলী নামৰ ইছলাম ধৰ্মৰ লোকজনে । কাৰণ তেওঁ মহানুভৱতাৰ পৰিচয় দি প্ৰায় দহ বছৰ পূৰ্বে এগৰাকী অনাথ হিন্দু কিশোৰীক নিজ কন্যা হিচাপে আঁকোৱালি লৈছিল ।
ইমান দিনে লালন পালন কৰাৰ পাছত অৱশেষত এগৰাকী হিন্দু যুৱকৰ সৈতে কন্যা পূজা ভাদিগেৰীক বিয়া কৰাই দিয়ে মাছলীয়ে । তেওঁৰ এনে মহানুভৱতা দেখি এতিয়া ৰাজ্যবাসীয়ে প্ৰশংসাৰে উপচাই পেলাইছে মাছলীক । কৰ্ণাটকৰ বিজয়পুৰাত বৈদিক পৰম্পৰা অনুসৰিয়ে হিন্দু যুৱকৰ সৈতে নিজ কন্যাৰ বিয়াৰ এক বিশাল অনুষ্ঠান আয়োজন কৰে মাছলীয়ে ।
উল্লেখ্য যে নিজৰ দুগৰাকী কন্যা আৰু দুই পুত্ৰ সন্তান থকাৰ পাছতো পূজাক লালন পালনৰ বাবে আঁকোৱালি লৈছিল মাছলীয়ে । ইফালে মুছলমান হিচাপে এগৰাকী হিন্দু কিশোৰীক আঁকোৱালি লোৱাকলৈ অসন্তুষ্ট আছিল মাছলীৰ আত্মীয় । কিন্তু সকলো বাধা নেওচি মাছলীয়ে ডাঙৰ দীঘল কৰে পূজাক ।