অসম

assam

ETV Bharat / bharat

INDIA Alliance Mumbai Meet : ইণ্ডিয়া মিত্ৰজোঁটৰ মুম্বাই বৈঠক; এখন পতাকা, এটা প্ৰতীকৰ ওপৰত কৰিব আলোচনা - INDIA alliance to one logo formula

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই বৰ্তমানলৈকে এগৰাকী আকৰ্ষণীয় আহ্বায়কৰ সন্ধান কৰি আছে । সূত্ৰসমূহৰ তথ্য মতে, এনডিএৰ শক্তিৰ বিপৰীতে প্ৰত্যাহ্বান গঢ়ি তুলিবলৈ একতাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ এই বৈঠকৰ আহ্বান কৰা হৈছে ।

INDIA Alliance Mumbai Meet
INDIA Alliance Mumbai Meet

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 11:25 AM IST

নিউজ ডেস্ক, ৩০ আগষ্ট : বহু চৰ্চিত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ তৃতীয়খন বৈঠক অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব । বৰ্তমান ৰাজনৈতিক মহলৰ দৃষ্টি এই বৈঠকৰ দিশে । কিয়নো এই আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুকেইটা দিশত এই বৈঠক হ'ব গুৰুত্বপূৰ্ণ । তথ্য মতে, ইণ্ডিয়া মিত্ৰজোঁটে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত সমগ্ৰ দেশতে এখন পতাকা আৰু এটা প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিব ।

জেডিইউৰ মুখ্য মুখপাত্ৰ নীৰজ কুমাৰে কয় যে, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া মিত্ৰজোঁটৰ দুদিনীয়া বৈঠকত আন কিছুমান কাৰকৰ উপৰি মুখ্য সমন্বয়ক, অন্যান্য সমন্বয়কাৰী নিৰ্বচনৰ লগতে নিৰ্বাচনৰ টিকট বিতৰণৰ নীতি চূড়ান্তকৰণৰ দৰে অন্যান্য পদ্ধতিৰ বিষয়েও সিদ্ধান্ত লোৱা হ'ব ।

"এখন পতাকা আৰু এটা প্ৰতীকে সমগ্ৰ দেশতে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব আৰু মিত্ৰতা সম্পৰ্কে সাধাৰণ লোকৰ মাজত কোনো বিভ্ৰান্তি সৃষ্টি নকৰিব । যদি সকলো বিৰোধী দলে এখন পতাকা আৰু এটা প্ৰতীকৰ তলত একত্ৰিত হয় আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে ফলাফল অপ্ৰত্যাশিত হ'ব । ই ভাৰতীয় জনতা পাৰ্টীৰ সমস্যা বৃদ্ধি কৰিব ।" কুমাৰে কয় ।

তেওঁ লগতে কয় যে, তৃতীয় বৈঠকখনে দেশৰ ৰাজনীতিৰ দিক-নিৰ্ণয় কৰিবলৈ গৈ আছে । ইণ্ডিয়াই এতিয়ালৈকে এগৰাকী আকৰ্ষণীয় আহ্বায়কৰ সন্ধান কৰি আছে । সূত্ৰ মতে, এনডিএৰ শক্তি প্ৰতিহত কৰিবলৈ আৰু সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰাৰ উদ্দেশ্যে একতাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ এই বৈঠকৰ আহ্বান কৰা হৈছে । "এজন সমন্বয়কাৰীৰ যথেষ্ট প্ৰয়োজন । অৱশ্যে আৰজেডিৰ ছুপ্ৰিমো লালুপ্ৰসাদ যাদৱে একাধিক আহ্বায়কৰ কথা কৈছে । এই বিষয়েও আলোচনা হ'ব পাৰে ।" এক সূত্ৰই কয় ।

জানিব পৰা মতে, মিত্ৰজোঁটটোৱে বিভিন্ন অঞ্চলৰ পৰা এজন মুখ্য সমন্বয়ক আৰু একাধিক সমন্বয়ক বাছনি কৰিব । যিহেতু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধী ঐক্যক এক মূৰ্ত ৰূপ দিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে, সেয়েহে নীতিশ কুমাৰক মুখ্য আহ্বায়ক কৰিব পাৰে বুলি অনুমান কৰা হৈছে । অৱশ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে স্পষ্টতভাৱে মিত্ৰতাত কোনো পদ ল'বলৈ অনিচ্ছুক বুলি প্ৰকাশ কৰিছে । তথাপিও সূত্ৰ অনুযায়ী বৈঠকত একাধিক আহ্বায়কক নিযুক্ত কৰিব পাৰে ।

আনহাতে, ইণ্ডিয়া মিত্ৰজোঁটে বিভিন্ন অঞ্চলৰ নেতাসকলকো নিযুক্তি দিব । মুম্বাই বৈঠকত লোকসভা নিৰ্বাচনত কোন সহযোগীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সংশ্লিষ্ট মিত্ৰশক্তিক কিমানখন আসন প্ৰদান কৰা হ'ব তাৰ ওপৰতো সিদ্ধান্ত লোৱা হ'ব । ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে এক বিশেষ আলোচনা কৰিব, যাতে আসনৰ সঠিক বিতৰণ নিশ্চিত কৰিব পৰা যায় ।

লগতে পঢ়ক :Lalu Prasad Yadav Slams Modi : নৰেন্দ্ৰ মোদীৰ টেঁটু চেপিবলৈ গৈ আছোঁ; মুম্বাই বিৰোধী বৈঠকৰ পূৰ্বে লালুৰ বিস্ফোৰণ

ABOUT THE AUTHOR

...view details