অসম

assam

By

Published : Apr 5, 2023, 10:16 AM IST

ETV Bharat / bharat

Richest Indian in world: বিশ্বৰ ধৰ্নাঢ্য ব্যক্তিৰ তালিকাত নৱম স্থানত মুকেশ আম্বানী

মুকেশ আম্বানীয়ে মাইক্ৰছফ্টৰ ষ্টিভ বলমাৰ, গুগলৰ লেৰী পেজ আৰু ছেৰ্গেই ব্ৰিন, ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গ আৰু ডেল টেকন'লজিছৰ মাইকেল চাৰ্চ ডেলক চেৰ পেলাই বিলিয়নেয়াৰ তালিকা 2023 ত নৱম স্থানত ভাৰতৰ মুকেশ আম্বানী (Forbes World Billionaires List)। ইপিনে,ফৰ্বছৰ বিশ্ব বিলিয়নেয়াৰৰ সংখ্যা যোৱা বছৰৰ তুলনাত হ্ৰাস পাইছে ।

Reliance Industries Chairman Mukesh Ambani
বিলিয়নেয়াৰ তালিকা 2023 ত নৱম স্থান ভাৰতৰ মুকেশ আম্বানী

নেশ্য়নেল ডেস্ক, ৫ এপ্ৰিল:ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মুকেশ আম্বানীয়ে ফৰ্বছৰ 37 তম বাৰ্ষিক বিশ্বৰ বিলিয়নেয়াৰ তালিকা 2023 ত নৱম স্থান লাভ কৰিছে (Reliance Industries Chairman Mukesh Ambani)। 83.4 বিলিয়ন আমেৰিকান ডলাৰৰ সম্পত্তিৰ বাবে তেওঁ এই স্থান লাভ কৰিবলৈ সক্ষম হয় । আনহাতে,তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে । এই সন্মানীয় তালিকাত মুকেশ আম্বানী যোৱা বছৰ দশম স্থানত আছিল (Forbes 37th annual Worlds Billionaires List)। তেওঁৰ মুঠ সম্পত্তিৰ আছিল 90.7 বিলিয়ন আমেৰিকান ডলাৰ ।

এই বছৰৰ শেহতীয়া তালিকাত মুকেশ আম্বানী মাইক্ৰছফ্টৰ ষ্টিভ বলমাৰ(Steve Ballmer of search Microsoft), গুগলৰ লেৰী পেজ আৰু ছেৰ্গেই ব্ৰিন (Sergey Brin of search Google), ফেচবুকৰ মাৰ্ক জুকাৰবাৰ্গ (Mark Zuckerberg of Facebook) আৰু ডেল টেকন'লজিছৰ মাইকেল চাৰ্চ ডেলতকৈ উচ্চ স্থানত থাকিবলৈ সক্ষম হৈছে ।

ইপিনে, গৌতম আদানীয়ে ভাৰতৰ দ্বিতীয় সৰ্বাধিক ধনী ব্যক্তি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে যদিও শেহতীয়াকৈ আদানি গ্ৰুপ কোম্পানীৰ শ্বেয়াৰৰ মূল্য হ্ৰাস হোৱাত বিশ্বৰ এই তালিকাত ২৪ তম স্থানলৈ অৱনমিত হৈছে ( Globally 24th rank of Gautam Adani)। তেওঁৰ সম্পত্তিৰ মুঠ মূল্য হৈছে ৪৭.২ বিলিয়ন আমেৰিকান ডলাৰ (Mukesh Ambani Forbes World Billionaires List)। তদুপৰি এই তালিকাত এইচচিএল টেকন'লজীৰ শিৱ নাডাৰে ২৫.৬ বিলিয়ন আমেৰিকান ডলাৰৰ মুঠ সম্পত্তিৰ বাবে বিশ্বক্ৰমত ৫৫ স্থান দখল কৰিছে । ইপিনে,ফৰ্বছৰ বিশ্ব বিলিয়নেয়াৰৰ সংখ্যা যোৱা বছৰৰ 2,668 ৰ পৰা 2023 চনত 2,640 লৈ হ্ৰাস পাইছে যদিও ভাৰতীয়ৰ সংখ্যা 2022 চনত 166 ৰ পৰা এই বছৰ 169 লৈ বৃদ্ধি হৈছে ।

ফৰ্বছৰ তালিকা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত আটাইতকৈ বেছি বিলিয়নেয়াৰ আছে । আমেৰিকা যুক্তৰাষ্ট্ৰ 735গৰাকী তালিকাৰ সদস্যৰ সম্পত্তিৰ মূল্য হৈছে 4.5 ট্ৰিলিয়ন আমেৰিকান ডলাৰ । চীন (হংকং আৰু মাকাওকে ধৰি) 562 গৰাকী বিলিয়নেয়াৰৰে দ্বিতীয় স্থানত আছে । তেওঁলোকৰ সম্পত্তিৰ মূল্য হৈছে 2 ট্ৰিলিয়ন আমেৰিকান ডলাৰ ।

লগতে পঢ়ক:Baisakhi Food Recipes: বৈশাখী উপলক্ষে ঘৰতে তৈয়াৰ কৰক এইসমূহ স্বাস্থ্যকৰ সুস্বাদু ব্যঞ্জন

ABOUT THE AUTHOR

...view details