নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ :উত্তৰ প্ৰদেশৰ সমান্তৰালকৈ মধ্য প্ৰদেশতো অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে চৰকাৰৰ অভিযান অব্যাহত আছে । মধ্য প্ৰদেশ চৰকাৰে অবৈধভাৱে চলি থকা মাদ্ৰাছাসমূহ বন্ধ কৰাৰ প্ৰক্ৰিয়া চলাইছে । জানিব পৰা মতে বিগত এবছৰত চৰকাৰে ৰাজধানী ভূপালত ৪৮ খন মাদ্ৰাছা বন্ধ কৰিছে (48 Madrasa closed in Bhopal)। আনহাতে আন ৫২ খন মাদ্ৰাছা বন্ধ কৰিবলৈ সাজু হৈছে চৰকাৰ (52 madrasas will close in MP)।
চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছাসমূহ পৰিদৰ্শনৰ সময়ত বিভিন্ন ত্ৰুটি পোৱা গৈছিল । জানিব পৰা মতে ৰাজধানী ভূপালতে চৰকাৰী মাদ্ৰাছা আছে প্ৰায় ৪৬৮ খন (Govt Madrasa in Madhya Pradesh)। আনহাতে বেচৰকাৰী মাদ্ৰাছাৰ সংখ্যা ইয়াতকৈও বেছি ।
মধ্য প্ৰদেশ শিশু অধিকাৰ সুৰক্ষা আয়োগে পূৰ্বে ৰাজ্যখনৰ কেইবাখনো মাদ্ৰাছা পৰিদৰ্শন কৰিছিল । সেই সময়ছোৱাত, ৰাজধানী ভূপালত ৪ খন মাদ্ৰাছা অবৈধভাৱে চলি থকাৰ তথ্য পোৱা গৈছিল । একে সময়তে, বহুতো চৰকাৰী অনুদানপ্ৰাপ্ত মাদ্ৰাছাত শৈক্ষিক মানদণ্ডও দুৰ্বল দেখা গৈছিল । বহুতো মাদ্ৰাছা মাত্ৰ এটা কোঠাতে চলি আছিল । যাৰ বাবে এনেধৰণৰ প্ৰায় ৪৮ খন মাদ্ৰাছালৈ চৰকাৰে অনুদান বন্ধ কৰি দিছে ।
অনুসন্ধানত পোহৰলৈ আহিছে যে আন ৰাজ্যৰ পৰাও বহু শিক্ষাৰ্থী মাদ্ৰাছাসমূহলৈ অধ্যয়নৰ বাবে আহি আছে । মধ্য প্ৰদেশ শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ব্ৰজেশ চৌহানৰ মতে মাদ্ৰাছাত অধ্যয়ন কৰি থকা শিশুসকলক ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ নিয়মীয়া বিদ্যালয়ৰ পাঠ্যক্ৰমো শিকোৱা উচিত । ইফালে অনুসন্ধানত বহুতো মাদ্ৰাছাই নিয়ম উলংঘা কৰা দেখা গৈছে ।