নেশ্যনেল ডেস্ক, ১৩ জুলাই :মধ্যপ্ৰদেশ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ভূপাল গেছ দুৰ্ঘটনাত (Bhopal gas leak incident) নিহত সকলৰ বিধৱা পত্নীক চৰকাৰে দিব অতিৰিক্ত ১ হাজাৰ টকাৰ পেঞ্চন (Pension) । কেবিনেট বৈঠকৰ (Cabinet meeting) পাছতে মঙলবাৰে ৰাজ্যৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই (Narottam Mishra) সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰে । মন্ত্ৰীগৰাকীয়ে কোৱা মতে সামাজিক সুৰক্ষা পেঞ্চনৰ উপৰিও দুৰ্ঘটনাত নিহত হোৱাসকলৰ পত্নীসকলক অতিৰিক্তকৈ এই পেঞ্চন প্ৰদান কৰা হ'ব ।
বিত্ত বিভাগে কিছু আপত্তি দৰ্শাইছিল যদিও চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে পূৰ্বৰ চৰকাৰক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বৰ কমল নাথ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে (Kamal Nath lead congress Govt) ২০১৯ চনত অতিৰিক্ত পেঞ্চন বন্ধ কৰিছিল । তেওঁ লগতে কয় যে, পূৰ্বৰ বিজেপি চৰকাৰে ২০১৩ চনত এই পেঞ্চন আৰম্ভ কৰিছিল আৰু এতিয়া বৰ্তমানৰ শাসনত থকা বিজেপি চৰকাৰে ইয়াক পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ।
চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাও দেখা গৈছে । ভূপাল গ্ৰুপ ফৰ ইনফৰ্মেচন এণ্ড এক্সন (Bhopal Group For Information And Action) নামৰ এটা স্বেচ্ছা সেৱী সংস্থাৰ বিষয়া ৰচনা ধিংৰাই কোৱা মতে যোৱা এবছৰত কেইবাটাও ঘোষণা কৰা হৈছে ৷ কিন্তু সেই বিধৱাসকলে এতিয়ালৈ তেওঁলোকৰ একাউণ্টত এটা টকাও লাভ কৰা নাই ।