মিজোৰাম,25 মে’:মিজোৰামত 31 মে’লৈ বৃদ্ধি কৰা হৈছে লক ডাউন ৷ মিজোৰামত ক‘ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ মিজোৰামত দেওবাৰৰ দিনটোত 113 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় । ৰাজ্যখনৰ দেওবাৰে বিভিন্ন জিলাৰ ট্ৰুনেট পৰীক্ষাগাৰত 108 টা ক’ভিড নমুনাৰ পৰীক্ষণ কৰা হয় ৷
এই পৰীক্ষণত 8 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ আনহাতে আৰএজিটিৰ জৰিয়তে 703 টা নমুনাৰ পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 105 গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ মিজোৰামৰ জ’ৰাম চিকিৎসা মহাবিদ্যালয়ত দেওবাৰৰ দিনটোত কোনো লোকে আৰটিপিচিআৰ পৰীক্ষা কৰা নাই বুলি জানিব পৰা হৈছে ।