তেজপুৰ, 4 ডিচেম্বৰ:চুবুৰীয়া ৰাজ্য মিজোৰামত আজি অৰ্থাৎ সোমবাৰে পুৱা 8 বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হৈছে ভোট গণনা । ৰাজ্যৰ ১৩টা কেন্দ্ৰত আৰু ৪০টা কাউণ্টিং হলত ভোটগণনা চলি আছে । ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে, ভোটগণনাৰ সৈতে প্ৰায় ৪০০০ কৰ্মী জড়িত হৈ আছে ৷ সম্প্ৰতি ZPM য়ে 27 খন আসনত, MNF য়ে 10, বিজেপিয়ে 2 খন আসনত আৰু কংগ্ৰেছে 1 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷
আপডেট, 12.56
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ পৰাজয় । আইজল পূৱ-1 সমষ্টিত ZPMৰ প্ৰাৰ্থী লালথাচাংগাৰ বিৰুদ্ধে 2101 টা ভোটৰ ব্যৱধানত পৰাস্ত হয় জোৰামথাংগা ৷ লালথাচাংগাই 10,727 টা ভোট লাভ কৰাৰ বিপৰীতে জোৰামথাংগাই লাভ কৰে 8626 টা ভোট ৷
আপডেট, 12.09
ZPM ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমাই কয়, "মিজোৰাম আৰ্থিক সংকটৰ সন্মুখীন হৈছে ৷ সেইটোৱেই আমি বিদায়ী চৰকাৰৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিবলৈ ওলাইছো ৷ আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ওলাইছো ৷ আৰ্থিক সংস্কাৰ প্ৰয়োজন আছে আৰু তাৰবাবে আমি এটা ৰি’ৰ্ছচ মোবাইলাইজেশ্যনৰ দল গঠন কৰিবলৈ ওলাইছো ৷
তেওঁ লগতে পৰৱৰ্তী দুটা দিনৰ ভিতৰত ৰাজ্যপালক সাক্ষাৎ কৰি এই মাহৰ ভিতৰত শপত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷"
আপডেট, 12
ZPMৰ উপ-সভাপতি ড° কেনেথ চাউংলিয়ানাই কয়, "এতিয়ালৈকে আমি ২০খনতকৈও অধিক আসনত আগবাঢ়ি আছো, যিটো ইতিমধ্যে সংখ্যাগৰিষ্ঠতা ৷ মই ভাবো আমি নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিম (জিকাৰ পিচত) ৷ আমাৰ মূল অগ্ৰাধিকাৰ হ'ব কৃষি, খাদ্য উৎপাদনত স্বাৱলম্বী হোৱা আৰু তাৰ পিছত বিদ্যুৎ আৰু যোগাযোগ আৰু আমাৰ যুৱ প্ৰজন্মক আগবঢ়াই নিয়া ৷"
আপডেট, 11.45
আইজল পশ্চিম-2 সমষ্টিত ZPMৰ প্ৰাৰ্থী লালংহিংগ্লোভা হমাৰৰ হাতত MNFৰ প্ৰাৰ্থী লালৰুআক্তিমা 4819 টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে ৷ ইফালে কোলাচিব সমষ্টিত ZPM ৰ প্ৰাৰ্থী লালফামকিমা হাতত MNFৰ প্ৰাৰ্থী এ লাৰলিনলীনা 1169 টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে ৷ একেদৰে টুইচাং, দক্ষিণ টুইপুই, তাৱি, আইজল পশ্চিম-I সমষ্টিত ZPM য়ে প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে ৷
বৰ্তমান ZPM য়ে 26 খন আসনত, MNF য়ে 11, বিজেপিয়ে 2 খন আসনত আৰু কংগ্ৰেছে 1 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷