অসম

assam

By ANI

Published : Dec 3, 2023, 4:49 PM IST

ETV Bharat / bharat

কংগ্ৰেছৰ এজেণ্ডাত এতিয়া সংখ্যালঘুসকল নাই: গুলাম নবী আজাদ

"যোৱা 20-25 দিনত মই লক্ষ্য কৰা এটা কথা হ'ল যে, সংখ্যালঘুসকলৰ হিৰ’ হিচাপে জনাজাত কংগ্ৰেছে এইবাৰ সংখ্যালঘুসকলৰ সন্দৰ্ভত কোনোধৰণৰ একো সমস্যা উল্লেখ কৰা নাছিল ৷" চাৰি ৰাজ্যৰ ভোট গণনাৰ মাজতে গুলাম নবী আজাদে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Assembly poll results
এতিয়া কংগ্ৰেছৰ এজেন্দাত সংখ্যালঘুসকল নাই- গুলাম নবী আজাদ

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ :কিছু সময়ত পিচতে দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ ফলাফল ঘোষণা কৰিব ECI এ ৷ ইতিমধ্যে চাৰিখন ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যত কংগ্ৰেছে মুখ থেকেছা খোৱা পৰিলক্ষিত হৈছে ৷ ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশত বৃহৎ ব্যৱধানত বিজেপিয়ে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে ৷

ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টীৰ (ডিপিএপি) সভাপতি গুলাম নবী আজাদে তিনিও ৰাজ্যতে কংগ্ৰেছৰ শোচনীয় অৱস্থাৰ সন্দৰ্ভত কয় যে দেশৰ অন্যতম পুৰণি দল কংগ্ৰেছে বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সাক্ষী হৈ আহিছে ৷ ইয়াৰ কাৰণেই হৈছে যে এতিয়া কংগ্ৰেছৰ এজেণ্ডাত সংখ্যালঘুসকলৰ কোনো সমস্যাৰ সন্দৰ্ভত উল্লেখ নাছিল ৷ মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ জয়লাভৰ দিশে আগুৱাইছে ৷ কংগ্ৰেছে সমগ্ৰ দেশতে সংখ্যালঘুসকলে সন্মুখীন হৈ থকা সমস্যাসমূহৰ কথা উল্লেখ কৰা নাছিল ৷

কংগ্ৰেছৰ প্ৰাক্তন নেতা আজাদে কয়, "যোৱা 20-25 দিনত মই লক্ষ্য কৰা এটা কথা হ'ল যে, সংখ্যালঘুসকলৰ হিৰ’ হিচাপে জনাজাত কংগ্ৰেছে এইবাৰ সংখ্যালঘুসকলৰ সন্দৰ্ভত কোনোধৰণৰ সমস্যা উল্লেখ কৰা নাছিল ৷"

কংগ্ৰেছে শাসনৰ বাঘজৰী ধৰি থকা ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে কংগ্ৰেছক ধূলিস্যাৎ কৰি চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাটো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷ আজি পুৱালৈকে তিনিওখন ৰাজ্যতে কংগ্ৰেছে জয়লাভ কৰিব বুলি দৃঢ়বিশ্বাসী আছিল ৷ কিন্তু ভোট গণনাৰ লগে লগে তিনিওখন ৰাজ্যতে কংগ্ৰেছ বৃহৎ ব্যৱধানত বিজেপিতকৈ পিছ পৰি আছে ৷

মধ্য প্ৰদেশত 230 খন আসনৰ ভিতৰত বিজেপি 167 খনত আগবাঢ়ি আছে আনহাতে কংগ্ৰেছ 62 খন আসনত আগবাঢ়ি আছে ৷ ৰাজস্থানত বিজেপিয়ে 114 খন আসন আৰু 70 খন আসনত কংগ্ৰেছ আগবাঢ়ি আছে ৷ ছত্তীশগড়ত বিজেপিয়ে 56 খন আসন আৰু কংগ্ৰেছে 32 আসনত আগবাঢ়ি আছে ৷

লগতে পঢ়ক:হিন্দীবলয়ত সম্পূৰ্ণৰূপে উৎখাত হ’ল কংগ্ৰেছ !

ABOUT THE AUTHOR

...view details