নতুন দিল্লী,২ ফেব্ৰুৱাৰী:দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক সূত্ৰত প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰীয় অনুসন্ধানমূলক সংস্থা চমুকৈ নিয়াক অৰ্পণ কৰা হৈছে দিল্লীৰ বিস্ফোৰণৰ তদন্তৰ দায়িত্ব ৷ কিছুদিনপূৰ্বে দেশৰ ৰাজধানী চহৰখনত থকা ইজৰাইলৰ দূতাবাসৰ সমীপত এক বিস্ফোৰণ সংঘটিত হৈছিল ৷
মন্ত্ৰালয়ৰ এই নিৰ্দেশ অনুসৰি নিয়াই নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি, উক্ত গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিব ৷ দিল্লী আৰক্ষীয়ে এই বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈকে লাভ কৰা সকলো প্ৰমাণ আৰু তথ্য সংস্থাটোক অৰ্পণ কৰি লাগিব ৷