নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ :মায়ানগৰী মুম্বাইৰ বিলাসী তাজ হোটেলত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা (Suicide case in Mumbai Taj Hotel)। কোলাবাস্থিত পঞ্চতাৰকা হোটেলখনৰ দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা ব্যৱসায়ীৰ (Businessman committed suicide in Mumbai) । ৬০ বছৰীয়া ব্যৱসায়ীজন শ্বাহৰুখ ইঞ্জিনিয়াৰ বুলি জানিব পৰা গৈছে । কোলাবা আৰক্ষী থানাত এই সন্দৰ্ভত দুৰ্ঘটনাজনিত মৃত্যুৰ এটা গোচৰ ৰুজু কৰা হৈছে ।
কোলাবা আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক বিজয় হাথিস্কাৰে ইটিভি ভাৰতক জনোৱা মতে বিয়লি প্ৰায় ২.৩০ বজাত এই ঘটনা সংঘটিত হৈছিল । শ্বাহৰুখ তাজ হোটেলৰ ১০ মহলাৰ পৰা জপিয়াই ৫ম মহলাত আহি পৰিছিল । তেজেৰে লুতুৰি-পুতুৰি ব্যৱসায়ীগৰাকীক লগে লগে ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । অৱশ্যে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
আৰক্ষীয়ে জনোৱা মতে মৃত ব্যৱসায়ীগৰাকীৰ পৰিয়ালে এতিয়ালৈ কোনো অভিযোগ দিয়া নাই । অৱশ্যে আৰক্ষীয়ে দুৰ্ঘটনাজনিত মৃত্যুৰ এক গোচৰ পঞ্জীয়ন কৰিছে । শ্বাহৰুখ ইঞ্জিনিয়াৰ ডুবাইৰ এগৰাকী ব্যৱসায়ী আৰু তেওঁ মুম্বাইত বাস কৰা পিতৃ-মাতৃক সাক্ষাতৰ বাবে ভাৰতলৈ আহিছিল ।