নেশ্যনেল ডেস্ক, 22 জানুৱাৰী: মহাৰাষ্ট্ৰৰ অম্বাজোগাই ৰোডত এক জঘন্য ঘটনা সংঘটিত হৈছে (Rape case in Maharashtra)৷ এগৰাকী অনাথ কিশোৰীক বান্ধৱীয়ে পাৰ্টি দিয়াৰ প্ৰলোভন দি এখন জয়াল হাবিলৈ লৈ গৈ গৈছিল ৷ তাৰ পিছতে অট’চালকে নিচাযুক্ত সামগ্ৰী খুৱাই কিশোৰীগৰাকীক ধৰ্ষণকাণ্ড সংঘটিত কৰে (Raping An Orphan Girl) ৷
ঘটনা অনুসৰি লাতুৰ চহৰৰ এখন মহাবিদ্যালয়ত পঢ়ি থকা এগৰাকী 16 বছৰীয়া অনাথ কিশোৰী চহৰখনত বাস কৰে । যোৱা শুকুৰবাৰ অৰ্থাৎ 18 জানুৱাৰীত তাই সদায়ৰ দৰে মহাবিদ্যালয়লৈ গৈছিল । প্ৰতিদিনৰ দৰে বিয়লি মহাবিদ্যালয়ৰ কেণ্টিনত বহি থকাৰ পিছত তাইৰ তিনিগৰাকী বান্ধৱী সৈই ঠাইলৈ আহিছিল ৷ বান্ধৱীৰ কথা পেলাব নোৱাৰি কিশোৰীগৰাকীও যাবলৈ ৰাজী হয় (Five Accused For Raping An Orphan Girl) ৷
তাৰ পিছতেই চাৰি বান্ধৱী আম্বোজোগাই পথৰ এটা নিৰ্জন এলেকাৰে আগুৱাই গৈছিল ৷ কিশোৰীগৰাকীয়ে ক’লৈ গৈ আছো বুলি সোধা প্ৰশ্নত বান্ধৱীকেইগৰাকীয়ে পথাৰলৈ লৈ গৈ পাৰ্টি দিম বুলি কৈছিল ৷ আৰু তেওঁলোকে তাতেই পাৰ্টি কৰিব বুলি কৈছিল ।
কিন্তু পাৰ্টিৰ পূৰ্বেই আধাবাটতে বান্ধৱীগৰাকীয়ে নিজৰ স্বামীক ফোন কৰি সেই ঠাইলৈ মাতে (Girl allegedly sexually assaulted) ৷ পত্নীৰ কথামতে স্বামীয়ে এখন অট’ লৈ সেই ঠাইত উপস্থিত হয় ৷ তাৰ পিছত আম্বাজোগাই ৰোডৰ এখন ফাৰ্মত কিশোৰীগৰাকীক খাদ্যৰ লগত নিচাযুক্ত সামগ্ৰী মিহলাই খুৱাই দিয়ে ৷ কিশোৰীগৰাকী অজ্ঞান হৈ পৰাৰ লগে লগে অট’ৰিক্সা চালকজনে তাইৰ লগত যৌন নিৰ্যাতন চলাইছিল । ভুক্তভোগী কিশোৰীগৰাকীয়ে আপত্তি কৰাৰ পিছতেই তাইক হত্যা কৰাৰ ভাবুকি দিছিল চালকটোৱে । সন্ধিয়া প্ৰায় ৬ বজাত অভিযুক্ত অট’ ৰিক্সা চালকজনে ভুক্তভোগী কিশোৰীগৰাকীক অট’খনৰ পৰা পেলাই দিছিল ।