নেশ্যনেল ডেস্ক, 4 আগষ্ট:মঙলবাৰে অন্ধ্ৰ প্ৰদেশৰ আটচুটাপুৰমত বিষাক্ত গেছ নিৰ্গত হৈ ৫৩গৰাকীকৈ মহিলা কৰ্মচাৰী আক্ৰান্ত হোৱাৰ ঘটনাৰ এদিন পাছতে অৰ্থাৎ বুধবাৰে হাৰিয়ানাত সংঘটিত হৈছে আন এক মৰ্মান্তিক ঘটনা (Methane gas leak in Bahadurgarh’s factory)৷ বাহাদুৰগড়ৰ এৰোফ্লেছ চিলিং মেটেৰিয়েল মেনুফেক্সাৰিং নামৰ এটা কাৰখানাত শ্ৰমিকসকলে টেংক পৰিস্কাৰ কৰি থকাৰ অৱস্থাত বিষাক্ত মিথেন গেছ নিৰ্গত হয় ৷ ফলত লগে লগে সংজ্ঞাহীন হৈ পৰে টেংক পৰিস্কাৰ কৰি থকা 6 জন শ্ৰমিক ৷
ততালিকে সহকৰ্মীয়ে সংজ্ঞাহীন শ্ৰমিক কেইজনক ততাতৈয়াকৈ বাহাদুৰগড়ৰ জীৱন জ্যোতি চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসালয়তে 4 জন শ্ৰমিক থিতাতে নিহত হোৱাৰ বিপৰীতে দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় (4 laborers death and 2 in critical condition)৷
মৃত্যু হোৱা শ্ৰমিককেইজন উত্তৰ প্ৰদেশৰ কিহাৰাৰ ৰাজবীৰ, নৱাবগঞ্জৰ মাদিৰাপুৰৰ অজয় কুমাৰ, শ্বাহজাহানপুৰ জিলাৰ জগতপাল আৰু বাৰাবাঁকীৰ প্ৰকাশ বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে সংকটজনক অৱস্থাত ভৰ্তি হৈ থকা শ্ৰমিক দুজন উত্তৰ প্ৰদেশৰ মায়ংক আৰু বিকাশ বুলি জানিব পৰা গৈছে ৷ বৰ্তমান দুয়োজন শ্ৰমিকক আই চি ইউত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
এই ঘটনাৰ পিছতে ঝাজ্জৰ জিলা উপায়ুক্ত শক্তি সিং আৰু আৰক্ষী অধীক্ষক ৱাছিম আক্ৰাম ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰিক্ষণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশনা প্ৰদান কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কাৰখানাটোৰ টেংকটো দীৰ্ঘদিন ধৰি পৰিষ্কাৰ নকৰাৰ ফলত আৱৰ্জনা জমা হৈ তাত মিথেন গেছৰ সৃষ্টি হয় ৷ এই বিষাক্ত মিথেন গেছ নিৰ্গত হোৱাৰ ফলতে শ্ৰমিককেইজনে এইদৰে মৃত্যুক আকোৱালি ল‘ব লগা হয় ৷ ইতিমধ্যেই এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ এক বিশেষ দল গঠন কৰি দিয়া হৈছে ৷
লগতে পঢ়ক:Andhra gas leak incident: ঔদ্যোগিক এলেকাত গেছ নিৰ্গত হৈ অসুস্থ ৫৩ জন