নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী :পিডিপিৰ মুৰব্বী (PDP chief Mehbooba Mufti) তথা জম্ম-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে সোমবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলা ভ্ৰমণ কৰে । উক্ত ভ্ৰমণকালত তেওঁ উগ্ৰপন্থীৰ হাতত দেওবাৰে নিহত কাশ্মীৰী পণ্ডিত সঞ্জয় শৰ্মাৰ পৰিয়ালক সান্ত্বনা দিয়ে (Pulwama Kashmiri Pandit Attack case) । এই সময়ছোৱাত মেহবুবা মুফতিয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে । চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, চৰকাৰে দাবী কৰে যে কাশ্মীৰ উপত্যকাত উগ্ৰবাদ নিৰ্মূল কৰা হৈছে । কিন্তু যদি কাশ্মীৰত কোনো উগ্ৰবাদ নায়েই তেন্তে সঞ্জয় শৰ্মাক কোনে হত্যা কৰিছিল ?
মেহবুবাই লগতে কয় যে, কাশ্মীৰী মুছলমানসকলে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত বাস কৰি আছিল আৰু তেওঁলোকক সুৰক্ষা দিছিল । কিন্তু এতিয়া কাশ্মীৰী মুছলমানসকলেই ভুগি আছে । তেওঁ কয় যে, ৰাজ্যপালৰ প্ৰশাসনে সঞ্জয়ৰ সন্তানৰ যত্ন ল'ব লাগিব আৰু তেওঁলোকৰ শিক্ষাৰ বাবে আৰ্থিক সহায় আগবঢ়াব লাগিব (militant attacks in Kashmir) । উল্লেখ্য মেহবুবা মুফতিৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ নেতা ৰবীন্দ্ৰ ৰাইনাইও পুলৱামা ভ্ৰমণ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ।
আনহাতে, ৰাইনাই সংবাদ মাধ্যমৰ আগত কয় যে, কাশ্মীৰী মুছলমানসকলে পণ্ডিতসকলৰ কাষত থিয় হৈ আছে । যিটোৱে একতা প্ৰদৰ্শন কৰে । সকলো ৰাজনৈতিক দলে একেলগে থিয় হৈ এনে আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিব লাগে । কিয়নো এটা গুলীয়ে নাজানে যে ই এজন পণ্ডিত বা মুছলমান বা শিখক হত্যা কৰিবনে নাই । কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত নিযুক্ত সকলো পণ্ডিত আৰু অন্যান্য পণ্ডিতসকলৰ সৈতে কথা পতাটো গুৰুত্বপূৰ্ণ, যাতে তেওঁলোকৰ অভিযোগবোৰ আঁতৰ কৰিব পৰা যায় । উল্লেখ্য যে, সঞ্জয় শৰ্মাক দেওবাৰে আচান অঞ্চলত থকা ঘৰৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰৈত গুলীয়াই হত্যা কৰা হৈছিল (Kashmiri Pandit Sanjay Sharma shot dead) । তেওঁক ততাতৈয়াকৈ পুলৱামাৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।