অসম

assam

ETV Bharat / bharat

সেনা বাহিনীয়ে পুনৰ গৃহবন্দী কৰি ৰখাৰ অভিযোগ মেহবুবা মুফটীৰ - মেহবুবা মুফটী

সেনা বাহিনী আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটী(Mehbooba Mufti) । তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে, তেওঁক সেনা বাহিনীয়ে পুনৰ গৃহবন্দী কৰি ৰাখিছে । টুইটযোগে এই অভিযোগ তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Mehbooba Mufti allegation against army
সেনা বাহিনীয়ে পুনৰ গৃহবন্দী কৰি ৰখাৰ অভিযোগ মেহবুবা মুফটীৰ

By

Published : Sep 29, 2021, 5:22 PM IST

নেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ: পিপলছ ডেম'ক্ৰেটিক পাৰ্টী(People's Democratic Party)ৰ সভানেত্ৰী তথা জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটীয়ে বুধবাৰে অভিযোগ উত্থাপন কৰে যে, তেওঁক গৃহবন্দী কৰি ৰখা হৈছে । সেনাৰ প্ৰহাৰৰ বলি হোৱা এটা পৰিয়ালক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰাৰ বাবেই গৃহবন্দী কৰি ৰখা হৈছে বুলি অভিযোগ তুলিছে মেহবুবা মুফটীয়ে । উল্লেখ্য যে, মঙলবাৰে টুইটযোগে তেওঁ কৈছিল যে, সেনা জোৱানে পুলৱামাৰ ট্ৰাল চহৰত এটা পৰিয়ালক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু এই ঘটনাত এগৰাকী মহিলা আহত হৈছে । লগতে তেওঁ টুইটটোত উল্লেখ কৰিছিল যে, তেওঁ বুধবাৰে পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ যাব ।

ইয়াৰ পাছতে সেনাই তেওঁক গৃহবন্দী কৰাৰ অভিযোগ উত্থাপিত হৈছে । বুধবাৰে তেওঁ পুনৰ আন এটা টুইটযোগে অভিযোগ তোলে যে, সেনাই তচনচ কৰা ট্ৰালৰ উক্ত পৰিয়ালটোৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা কৰাৰ বাবে তেওঁক আকৌ এবাৰ নিজ বাসগৃহতে বন্দী কৰি ৰখা হৈছে । তেওঁ লগতে কয় যে, এয়াই কাশ্মীৰৰ প্ৰকৃত ছবি । পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফটীয়ে গুপকাৰ পথত থকা তেওঁৰ বাসগৃহৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত ৰৈ থকা নিৰাপত্তা বাহিনীৰ এখন বাহনৰ ফটোও শ্বেয়াৰ কৰে আৰু নিৰাপত্তা বাহিনীয়ে প্ৰৱেশ দ্বাৰ অৱৰোধ কৰি ৰখাৰো অভিযোগ তুলিছে ।

মঙলবাৰে মুফটীয়ে টুইটত উল্লেখ কৰিছিল যে, ট্ৰালৰ য়াগৱানী শিবিৰৰ সেনাই সোমবাৰে নিশা এটা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে আৰু পৰিয়ালটোক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা এগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । লগতে তেওঁ অভিযোগ তোলে যে, উক্ত গাঁওখনৰ নাগৰিকসকলক এইবাৰেই সেনাই প্ৰথম বাৰৰ বাবে প্ৰহাৰ কৰা নাই । ইয়াৰ পূৰ্বেও সেনাই স্থানীয় লোকক প্ৰহাৰ কৰি আহিছে ।

লগতে পঢ়ক: চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ অতিক্ৰম...

ABOUT THE AUTHOR

...view details