নেশ্যনেল ডেস্ক,৮ জুন :লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী শক্তি একত্ৰিত হোৱাৰ কুছকাৱাজ আৰম্ভ হৈছে । তাৰ অংশস্বৰূপে অহা ২৩ জুনত বিহাৰৰ পাটনাত অনুষ্ঠিত হ'ব বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক (Mega opposition meet in Bihar)। বিৰোধীৰ এই বৃহৎ বৈঠকলৈ বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সকলো নেতাক নিমন্ত্ৰণ জনাইছে । আনহাতে এই বৈঠকলৈ প্ৰতিনিধি প্ৰেৰণ কৰাৰ পৰিৱৰ্তে নিজকে উপস্থিত থাকিবলৈও তেওঁ আহ্বান জনাইছে ।
তেজস্বী যাদৱে কয় যে ১৫ টা বিৰোধী দলে বৈঠকত অংশগ্ৰহণ কৰিব বুলি নিশ্চিত কৰিছে আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বাহিৰে সকলো নেতা এই বৈঠকলৈ আহি আছে বুলি তেওঁ দাবী কৰে (Oppositions unity)।
যাদৱ আৰু জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজীৱ ৰঞ্জন সিঙে বুধবাৰে ঘোষণা কৰে যে বিৰোধী দলসমূহৰ সন্মিলন ২৩ জুনত অনুষ্ঠিত হ'ব আৰু ৰাহুল গান্ধী, মমতা বেনাৰ্জী, অখিলেশ যাদৱ, হেমন্ত চোৰেণ, উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ, এম কে ষ্টেলিন, অৰবিন্দ কেজৰিৱাল, ডি ৰাজা, সীতাৰাম য়েচুৰী আৰু দীপন ভট্টাচাৰ্যকে ধৰি বিৰোধী নেতাসকলে বৈঠকত অংশগ্ৰহণ কৰিব ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিৰোধী দলক একত্ৰিত কৰিবলৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই বৈঠকখন আহ্বান কৰিছে । বৈঠকত অংশগ্ৰহণ সন্দৰ্ভত মন্তব্য কৰি এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে কয় যে নীতিশ কুমাৰে তেওঁক ফোন কৰি নিমন্ত্ৰণ জনাইছে । নীতিশ কুমাৰে দেশৰ বিৰোধী নেতাসকলক আমন্ত্ৰণ জনাইছে । সেয়ে তেওঁ তালৈ যাব বুলি উল্লেখ কৰে শৰদ পাৱাৰে । এটা ৰাষ্ট্ৰীয় বিষয়ত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰিয়ে নীতিশ কুমাৰে আমন্ত্ৰণ আগবঢ়াইছে বুলি পাৱাৰে উল্লেখ কৰে ।