নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী :বসন্ত পঞ্চমীলৈ মাজত মাত্ৰ দুটা দিন বাকী । এইবাৰ গণৰাজ্য দিৱস আৰু বসন্ত পঞ্চমী একেদিনাই পালন কৰা হ'ব (Basant Panchami 2023)। ইতিমধ্যে বসন্ত পঞ্চমীক লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে । বিশেষকৈ বজাৰত উভৈনদী হৈছে বিভিন্ন প্ৰকাৰৰ চিলা । উত্তৰ প্ৰদেশৰ বজাৰত আকৌ ওলাইছে ২৫ লাখ টকাৰ চিলা । এই বিশেষ চিলাখনে এতিয়া দেশত ব্যাপক চৰ্চা লাভ কৰিছে ।
বসন্ত পঞ্চমী উপলক্ষে উত্তৰ প্ৰদেশৰ মীৰাটত নিৰ্মাণ কৰা হৈছে এই মূল্যৱান চিলাখন । আপুনি হয়তো ভাবিছে এই চিলাৰ মূল্য কিয় ২৫ লাখ টকা ? আচলতে সোণেৰে নিৰ্মাণ কৰা হৈছে এই চিলাখন (Gold Kite of Meerut)। সোণাৰিসকলে চিলাৰ লগতে মাঞ্জা আৰু উঘাও সোণেৰে নিৰ্মাণ কৰিছে । চিলাখন নিৰ্মাণ কৰা শিল্পীসকলে দাবী কৰে যে ই পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল চিলা (World most expensive kite in Meerut)।
উল্লেখ্য যে সমগ্ৰ দেশতে সোণৰ গহনা নিৰ্মাণৰ ক্ষেত্ৰত মীৰাটৰ এক সুকীয়া স্থান আছে । যাৰ বাবে ইয়াক সোণালী চহৰ হিচাপেও জনা যায় । এই মীৰাটতে সোণাৰিসকলে চিলা প্ৰস্তুত কৰি অভিলেখ গঢ়িছে ।
আচলতে, মীৰাটৰ এগৰাকী সোণৰ ব্যৱসায়ীয়ে এই ২৫ লাখ টকাৰ চিলাখন প্ৰস্তুত কৰাইছে (Gold Kite worth 25 lakh)। এই চিলাখন সম্পূৰ্ণৰূপে সোণেৰে প্ৰস্তুত কৰা হৈছে । ব্যৱসায়ী অংকুৰ জৈনে কয় যে, এই চিলাখন মীৰাটৰ ৭ গৰাকী শিল্পীয়ে ১৬ দিনৰ ভিতৰত প্ৰস্তুত কৰিছে । জৈনৰ মতে তেওঁ চিলা প্ৰস্তুত কৰাৰ লগতে উৰুৱাবলৈও ভাল পায় ।