অসম

assam

ETV Bharat / bharat

MasterChef India 7: অসমীয়া খাদ্যৰে দেশবাসীৰ মন জয় কৰা নয়নজ্যোতি শইকীয়া পালেহি স্ব-ভূমি - চনী টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব

মাষ্টাৰ চেফ ইণ্ডিয়াৰ খিতাপ জয় কৰি স্ব-ভূমিত ভৰি দিলেহি অসম সন্তান নয়নজ্যোতি শইকীয়া(MasterChef India title winner Nayanjyoti Saikia ) ৷ ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অজস্ৰ অনুৰাগীয়ে জনালে বিপুল আদৰণি ৷

nayanjyoti-shaikia-who-conquered-the-country-with-assamese-food-has-arrived-in-his-homeland
অসমীয়া খাদ্যৰে দেশবাসীৰ মন জয় কৰা নয়নজ্যোতি শইকীয়া পালেহি স্ব-ভূমি

By

Published : Apr 1, 2023, 1:15 PM IST

Updated : Apr 1, 2023, 3:06 PM IST

অসমীয়া খাদ্যৰে দেশবাসীৰ মন জয় কৰা নয়নজ্যোতি শইকীয়া পালেহি স্ব-ভূমি

ডিব্ৰুগড়, ১ এপ্ৰিল: চ’নী টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’ ‘মাষ্টাৰচেফ ইণ্ডিয়া ৭’ই লাভ কৰিলে তেওঁলোকৰ বিজয়ী । ১৩ সপ্তাহ ধৰি দৰ্শকক মোহিত কৰা এই অনুষ্ঠানটোৰ যোৱা নিশা গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হয়, এই অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া জিলিকিল মাষ্টাৰ চেফ ইণ্ডিয়াত । মাষ্টাৰ চেফ ইণ্ডিয়া-৭ৰ বিজয়ী অসমৰ নয়নজ্যোতি শইকীয়াক আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত বিপুল আদৰণি জনায় তেওঁৰ অজস্ৰ অনুৰাগীয়ে । নয়নজ্যোতিক অনুৰাগীয়ে ফুলাম গামোচা, ফুলৰ থোপাৰে উপচাই পেলায়(Who won season 7 of MasterChef)।

বিশাল শুভাযাত্ৰাৰ জৰিয়তে নয়নজ্যোতিক লৈ যোৱা হয় তিনিচুকীয়া গোবিন্দপুৰৰ নিজা বাসগৃহলৈ (Nayanjyoti Saikia news)। উল্লেখ্য যে, ইণ্ডিয়াৰ বৃহৎ এই প্ৰতিযোগিতাত প্ৰথম ৰাৰ্ণাৰ্ছআপ হ’ল অসমৰে শান্তা শৰ্মা(MasterChef India season 7 winner)। ফাইনেলত অৱতীৰ্ণ হৈছিল নয়নজ্যোতি, শান্তা আৰু মুম্বাইৰ সুৱৰ্ণা বাগুল(Who is Nayanjyoti Saikia)। এই প্ৰতিযোগিতাত নয়নে লাভ কৰে ২৫ লাখ টকাৰ চেকসহ ট্রফী আৰু গোল্ডেন চেফ কোট অৰ্জন । ৫ লাখ টকাৰ চেক লাভ কৰে ৰাৰ্ণাছআপ শান্তা শৰ্মাই । স্বাভাৱিকতে নয়নজ্যোতিৰ এই সাফল্যত ৰাজ্যত এতিয়া আনন্দৰ ঢৌ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, নয়নজ্যোতিয়ে তেওঁৰ চমৎকাৰী ৰন্ধন কৌশলৰ লগতে তেওঁৰ সৰলতা আৰু সত্যতাৰ সৈতে শ্ব’টোত সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল(MasterChef India)। কেইবা সপ্তাহ ধৰি বহু কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ পিছত এতিয়া মাষ্টাৰচেফ ইণ্ডিয়াৰ বিজয়ী হৈ পৰিছে নয়নজ্যোতি । ইফালে, ফাইনেলত নয়জ্যোতিয়ে হাঁহৰ মাংস ৰান্ধি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, চূড়ান্ত খণ্ডটোত বিচাৰক চেফ ৰণবীৰ ব্ৰাৰ, বিকাশ খান্না আৰু গৰিমা অৰোৰাৰ লগতে প্ৰবীণ চেফ সঞ্জীৱ কাপুৰে ‘চিগনেচাৰ থ্ৰী-কোৰ্চ মিল চেলেঞ্জ’ত ৩ জন চূড়ান্ত প্ৰতিযোগীক বিচাৰক হিচাপে কাম কৰিছিল ।

লগতে পঢ়ক:MasterChef India Winner: নয়নজ্যোতি শইকীয়াৰ মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ খিতাপ অৰ্জন, দ্বিতীয় স্থানত অসমৰ শান্তা শৰ্মা

Last Updated : Apr 1, 2023, 3:06 PM IST

ABOUT THE AUTHOR

...view details