নিউজ ডেস্ক, ১৪ নৱেম্বৰ:ঝাড়খণ্ডৰ ধনবাদৰ কেন্দুআদিহ থানা এলেকাৰ জেৱাৰপট্টিত সোমবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডত দুগৰাকী মহিলাসহ এটি ডেৰবছৰীয়া কন্যা শিশু মৃত্যুমুখত পৰে । আনহাতে তিনিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আহত তিনিওজনেই সম্প্ৰতি সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । তেওঁলোক আটাইকেইজন একেটা পৰিয়ালৰে সদস্য ।
কেন্দুআদিহ থানা এলেকাৰ কেন্দুৱা বজাৰত অৱস্থিত জেৱাৰপট্টিৰ এছ কে জেনেৰেল শ্ৰিংগাৰ ষ্ট’ৰত সংঘটিত হৈছিল এই অগ্নিকাণ্ড । জুইৰ লেলিহান শিখাই মেকআপ ষ্ট’ৰৰ কাষতে থকা ইলেক্ট্ৰনিক দোকানখনো আগুৰি ধৰাত জুই অধিক ভয়াৱহ হৈ পৰে । স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে । ইয়াৰ পিছত দুখন ডাঙৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু এখন সৰু বাহন সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷
এই অগ্নিকাণ্ড সংঘটিত হোৱা মেকআপ ষ্ট’ৰৰ ঠিক ওপৰত থকা ঘৰটোত এটা পৰিয়ালৰ ছয়জন সদস্য আছিল । অগ্নিনিৰ্বাপক বাহিনী বাহন অহাৰ পূৰ্বেই স্থানীয় ৰাইজে দোকানৰ ওপৰত থকা ঘৰটোত বাস কৰা লোকসকলৰ জীৱন ৰক্ষাৰ চেষ্টা চলাইছিল । ইফালে ব্যাপক অগ্নিকাণ্ডৰ বাবে ঘৰটোত থকা পৰিয়ালটোৰ লোকৰ অৱস্থাৰ অৱনতি ঘটিছিল । স্থানীয় লোকে পথৰ ওপৰৰ বেলকনিত জখলা লগাই ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰি তিনিজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷