নেশ্যনেল ডেস্ক,২৭ অক্টোবৰ :কেৰালা উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা (Kerala High Court)। পৃথকে থকা বিবাহিত এগৰাকী মহিলাক তাৎক্ষণিকভাৱে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী (EWS) প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিলে আদালতে (Kerala HC order to issue EWS certificate)। ঘৰৰ ষড়যন্ত্ৰৰ বাবে এগৰাকী মহিলাই পৃথকে থাকিবলৈ আৰম্ভ কৰা মহিলাগৰাকীক EWS প্ৰমাণপত্ৰ প্ৰদান নকৰাৰ কাৰণ হ'ব নোৱাৰে বুলিও ক'লে কেৰালা উচ্চ ন্যায়ালয়ে । এখন লেখ আবেদনৰ জৰিয়তে আদালতে ৰাজহ বিষয়াক নিৰ্দেশ দিছে । আদালতে উল্লেখ কৰা মতে প্ৰাথমিক দৃষ্টিভংগীৰে এই সিদ্ধান্ত লোৱা হৈছে ।
চেন্দ্ৰা ষ্টিফেনৰ দ্বাৰা দাখিল কৰা এখন লেখ আৱেদনৰ ওপৰত এই নিৰ্দেশনা আহিছে । ইফালে ন্যায়াধীশ ভিজি অৰুণৰ এজনীয়া বিচাৰপীঠে আবেদনখন বিবেচনা কৰিছে । লেখ আৱেদনৰ জৰিয়তে ৰাজহ বিষয়াক অস্থায়ীভাৱে EWS প্ৰমাণপত্ৰ জাৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে মহিলাগৰাকীয়ে ২৭ নৱেম্বৰত কৃষি বিষয়াৰ পদত প্ৰমাণপত্ৰৰ এককালীন প্ৰমাণীকৰণৰ সময়ত প্ৰমাণপত্ৰখন দাখিল কৰিবলৈ সক্ষম হয় ।