নিউজ ডেস্ক, 17 জুলাই: ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী দলৰ প্ৰাৰ্থী হ’ব কংগ্ৰেছৰ প্ৰবীণ নেত্ৰী মাৰ্গাৰেট আলভা (Oppositions candidate for the post of Vice President) ৷ দেওবাৰে এই কথা ঘোষণা কৰে এনচিপি নেতা শাৰদ পাৱাৰে ।
উল্লেখ্য যে, মাৰ্গাৰেট আলভা ২০১৪ চনৰ আগষ্ট মাহ পৰ্যন্ত কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ কংগ্ৰেছ দলৰ প্ৰবীণ নেত্ৰীগৰাকীয়ে(Margaret Alva) গোৱাৰ ১৭ সংখ্যক ৰাজ্যপাল, গুজৰাটৰ ২৩ সংখ্যক ৰাজ্যপাল, ৰাজস্থানৰ ২০ সংখ্যক ৰাজ্যপাল আৰু উত্তৰাখণ্ডৰ চতুৰ্থগৰাকী ৰাজ্যপাল হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷