অসম

assam

ETV Bharat / bharat

Barack Obama on PM Modis US visit : ভাৰতত যত্ন ল'বলৈ বহু হুছেইন অ'বামা আছে; সাংবাদিকেৰে টুইট যুদ্ধ হিমন্ত বিশ্ব শৰ্মাৰ - former US President Barack Obama

ইয়াৰ পূৰ্বে সিঙে টুইট কৰিছিল, "অ'বামাৰ বিৰুদ্ধে এতিয়ালৈকে গুৱাহাটীত কোনো এজাহাৰ দাখিল কৰা হৈছে নেকি ? অসম আৰক্ষীয়ে অ'বামাক কোনো বিমানৰ পৰা নমাই গ্ৰেপ্তাৰ কৰিবলৈ ৱাশ্বিংটনলৈ গৈ আছে নেকি ?"

Barack Obama on PM Modis US visit
Barack Obama on PM Modis US visit

By

Published : Jun 23, 2023, 8:07 PM IST

নিউজ ডেস্ক, ২৩ জুন : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই ভাৰতক লৈ দিয়া এক মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে । এই বিতৰ্কত সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও । যাৰ বাবে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ টুইটাৰ যুদ্ধ আৰম্ভ হৈছে এগৰাকী সাংবাদিকেৰে । শুকুৰবাৰে এজন সাংবাদিকৰ সৈতে টুইটাৰত বিবাদত লিপ্ত হয় মুখ্যমন্ত্ৰী । উল্লেখ্য, নিজৰ টুইটটোত সাংবাদিকগৰাকীয়ে বাৰাক অ'বামাৰ 'হিন্দু সংখ্যাগৰিষ্ঠ ভাৰতৰ মুছলমান সংখ্যালঘুসকলক সুৰক্ষা দিয়া' মন্তব্যৰ উদ্ধৃতি দি সুধিছিল যে অসম আৰক্ষীয়ে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ ৱাশ্বিংটনলৈ গৈ আছে নেকি ।

ৰোহিণী সিং নামৰ সাংবাদিকগৰাকীৰ টুইটাৰ বাৰ্তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতত যথেষ্ট 'হুছেইন অ'বামা' আছে আৰু ৰাজ্যখনে ৱাশ্বিংটনলৈ যোৱাৰ কথা বিবেচনা কৰাৰ পূৰ্বে তেওঁলোকৰ যত্ন লোৱাতহে অগ্ৰাধিকাৰ দিয়ে । ইয়াৰ পূৰ্বে সিঙে টুইট কৰিছিল, "এতিয়ালৈকে অ'বামাৰ বিৰুদ্ধে গুৱাহাটীত কোনো এজাহাৰ দাখিল কৰা হৈছে নেকি ? অসম আৰক্ষীয়ে অ'বামাক কোনো বিমানৰ পৰা নমাই গ্ৰেপ্তাৰ কৰিবলৈ ৱাশ্বিংটনলৈ গৈ আছে নেকি ?"

প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে বাৰাক অ'বামাই কি মন্তব্য কৰিছিল ?

উল্লেখ্য যে ভাৰতত সংখ্যালঘু অধিকাৰ উলংঘনৰ অভিযোগ সন্দৰ্ভত মন্তব্য কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰৰ সময়ত ভাৰতত থলুৱা সংখ্যালঘুসকলৰ অধিকাৰৰ কথা উল্লেখ কৰে । তেওঁ কয় যে যদি তেওঁলোক সুৰক্ষিত নহয়, তেন্তে দেশখন কোনোবা সময়ত ভাগি পৰা আৰম্ভ হোৱাৰ এক পূৰ্ণ সম্ভাৱনা আছে । অ'বামাই চিএনএনৰ ক্ৰিষ্টিয়ান আমানপোৰৰ সৈতে এক সাক্ষাৎকাৰৰ সময়ত এই মন্তব্য কৰে । তেওঁ কয় যে যদি ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে, তেন্তে 'হিন্দু সংখ্যাগৰিষ্ঠ ভাৰতত মুছলমান সংখ্যালঘুসকলৰ সুৰক্ষাৰ কথা' উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে । ভাৰত আৰু আমেৰিকা দুয়োটা পক্ষই নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ বৰ্ধিত কৌশলগত, প্ৰযুক্তি আৰু প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে । আনহাতে, ভাৰতীয় জনতা পাৰ্টীৰ উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই অ'বামাক তেওঁৰ মন্তব্যৰ বাবে সমালোচনা কৰি কয় যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতবিৰোধী জনতাক প্ৰশংসা কৰাটো, জিনজিয়াঙত হোৱা অত্যাচাৰৰ বাবে চীনৰ সমানেই ভাৰতক উপদেশ দিয়া দেখাটো অযুক্তিকৰ । ইফালে ভাৰত আৰু চীন সম্পৰ্কীয় এটা প্ৰশ্ন সোধাত অ'বামাই কয় যে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাৰ বাবে পেৰিছ চুক্তিৰ ওপৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাম কৰিছে ।

লগতে পঢ়ক :PM Modi in US congress : আমেৰিকাৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশন সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details