নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ : বৃহস্পতিবাৰে মাজ নিশা উত্তৰ প্ৰদেশৰ গোৰখপুৰ-কুশনগৰ ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । তথ্য অনুসৰি, জগদীশপুৰৰ সমীপতে মাজ নিশা এখন তীব্ৰবেগী ট্ৰাকে পিচফালৰ পৰা দুখন বাছত খুন্দা মাৰে । ফলত ৬ জন যাত্ৰীৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে ।
জানিব পৰা মতে, এই দুৰ্ঘটনাত আহত হৈছে আন ২৭ জন লোক । আহতসকলক পাঁচখন এম্বুলেন্সৰ সহায়ত জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছে । বৰ্তমানো আহতসকলক জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছে ।
চিকিৎসকৰ মতে, আহত একাংশ যাত্ৰীৰ অৱস্থা অতি সংকটজনক । ইফালে এই পথ দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষকৰ লগতে অন্যান্য বিষয়াসকলো উক্ত স্থানত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । লগতে জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আহত লোকসকলৰ সৈতে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে মত বিনিময় কৰে ৷
ইফালে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ চিনাক্তকৰণ প্ৰক্ৰিয়া বৰ্তমানো অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে, গোৰখপুৰৰ পৰা পৰৌনা অভিমুখে গৈ আছিল এখন যাত্ৰী বাছ । জগদীশপুৰৰ মল্লাপুৰৰ সমীপতে এই বাছখনৰ চকা ফুটি যায় । সেয়ে চালকজনে বাছখন পথৰ কাষত ৰখাই দিয়ে ।
তাৰ পাচতে কণ্ডাক্টৰজনে উক্ত স্থানলৈ আন এখন বাছ মাতি দিয়ে । পৰৱৰ্তী পৰ্যায়ত গোৰখপুৰৰ পৰা অহা এখন খালী বাছত যাত্ৰীক উঠাই থকা হৈছিল তেনেতে এখন তীব্ৰবেগী ট্ৰাকে পিচফালৰ পৰা বাছখনত খুন্দা মাৰিলে । এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে থিতাতে ৬ জন লোকৰ মৃত্যু হয় ।
জানিব পৰা মতে, দুজন লোকৰ ওপৰেৰে পাৰ হৈ গৈছিল এখন বাছৰ চকা । এই দুৰ্ঘটনাত প্ৰায় ২৭ জন লোক আহত হয় । ইয়াৰে ১২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আৰক্ষীৰ তথ্য অনুসৰি বাছখনত ৩০ জনতকৈ অধিক যাত্ৰী আছিল ।
লগতে পঢ়ক : Chhattisgarh Elections 2023 : সফলতাৰে সম্পন্ন ছত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন; IAR ক প্ৰশংসা মুখ্য নিৰ্বাচনী বিষয়াৰ