নেশ্যনেল ডেস্ক, 25 আগষ্ট : অশান্তজৰ্জৰ মণিপুৰ ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে CBI য়ে তদন্ত কৰা মণিপুৰ হিংসাৰ গোচৰ অসমৰ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰে ৷ এই ঘটনাৰ এক নিৰপেক্ষ তদন্ত প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক চিবিআইয়ে তদন্ত কৰি থকা গোচৰটো নিৰীক্ষণ কৰিবলৈ নিৰ্দেশনা দিয়ে ৷
উচ্চতম ন্যায়ালয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মণিপুৰৰ পৰা ভুক্তভোগীসকলক তেওঁলোকৰ বিবৃতি দিয়াৰ সুবিধাৰ কৰিবৰ বাবেও কেইবাটাও নিৰ্দেশনা জাৰী কৰিছে ৷ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে কয় যে,চিবিআইয়ে দোষীৰ জিম্মাৰ সময় বৃদ্ধি, ৰীমাণ্ডৰ বাবে আবেদন, ৱাৰেণ্ট জাৰী কৰা সকলো আবেদন আদালতত দাখিল কৰিব পাৰে ৷
উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছিল যে, এই হিংসাত দুয়োপক্ষই আঘাতপ্ৰাপ্ত হৈছে ৷ সেয়ে এই ৰায়দানে দুয়োপক্ষক ন্যায় প্ৰদান কৰিব ৷ বৰ্তমান মণিপুৰৰ সামগ্ৰিক পৰিৱেশৰ পৰিলক্ষিত কৰি আৰু পক্ষপাতবীহিনী ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যৰে এই সিদ্ধান্ত লোৱা হৈছে ৷
উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে, ভুক্তভোগী আৰু সাক্ষী উভয়েই অসমলৈ অহাৰ সলনি ভাৰ্চুৱেলী মণিপুৰৰ পৰা প্ৰমাণ জমা দিয়াৰ সম্পূৰ্ণ স্বাধীনতা থাকিব ৷ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম আদালতক জনাইছিল যে মণিপুৰত পৰিস্থিতি স্বাভাৱিক হৈ আহিছে ৷ এনে সময়ত ভিডিঅ' কনফাৰেন্সৰ বাবে মণিপুৰত উপযুক্ত ইণ্টাৰনেট সুবিধা প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব ৷
জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে প্ৰশ্ন কৰিছিল যে অসমকেই বিচাৰ পৰিচালনাৰ বাবে কিয় বাছনি কৰা হৈছিল ৷ তেতিয়া মেহতাই তেওঁৰ প্ৰশ্নৰ উত্তৰ দি কয় যে, অসমত ইণ্টাৰনেট সংযোগ তুলনামূলকভাৱে উন্নত আৰু ৰাজ্যখনত সৰ্বাধিক ইণ্টাৰনেটৰ সংযোগৰ ব্যৱস্থাও উপলব্ধ ৷ উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰিছিল যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই বিচাৰ তথা গোচৰৰ মোকাবিলা কৰিবলৈ ন্যায়িক দণ্ডাধীশ আৰু সত্ৰ ন্যায়াধীশৰ পদবীৰ ওপৰত প্ৰথম শ্ৰেণী এজন বিষয়া বা একাধিক বিষয়াক মনোনীত কৰিব পাৰিব ৷ অভিযুক্তৰ ৰিমাণ্ড, ন্যায়িক জিম্মা, জিম্মা বৃদ্ধি, আৰু অন্যান্য প্ৰক্ৰিয়াৰ বাবে সকলো আবেদন অনলাইন যোগে অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে ৷ লগতে বিচাৰপীঠে কৈছিল যে, মণিপুৰস্থিত দণ্ডাধীশৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে পেৰেডত অংশগ্ৰহণ কৰা অভিযুক্তৰ চিনাক্তকৰণো কৰিব পাৰিব ৷ ইয়াৰ লগতে অনুসন্ধান আৰু গ্ৰেপ্তাৰৰ ৱাৰেণ্টৰ বাবে আবেদনসমূহ অনলাইন মোডৰ জৰিয়তে জাৰী কৰা হ'ব ৷
উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা কলিন গনচালভেছ আৰু অধিবক্তা বৃন্দা গ্ৰোভাৰে উত্থাপন কৰা উদ্বেগৰ কথাও বিবেচনা কৰি কয় য়ে, হিংসাৰ ভুক্তভোগীসকলক বিচাৰৰ বাবে অসমলৈ আহিবলৈ বাধ্য কৰাব নোৱাৰিব ৷ বিচাৰপীঠে কয়, "ভুক্তভোগীসকল য’তেই নাথাকক কিয় প্ৰয়োজনত সকলো বিবৃতি মণিপুৰতেই সংগ্ৰহ কৰা হ’ব, অসমত নহয় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই গোচৰৰ সমগ্ৰ দিশ চোৱা চিতা কৰাৰ লগতে তেওঁ কোনো ভুক্তভোগীয়ে যাতে অসমলৈ আহিবলৈ বাধ্য নহয় সেই বিষয়ে তীক্ষ্ণ নজৰ ৰাখিব ৷"
লগতে পঢ়ক:Court on Manish Sisodia Bank Withdrawal : মনীষ ছিছোদিয়াই খুলিব পাৰিব নতুন বেংক একাউণ্ট; আদালতৰ অনুমতি প্ৰদান