নিউজ ডেস্ক, ২১ জুলাই : মণিপুৰত সংঘটিত শেহতীয়া ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ । কেৱল দেশেই নহয়, সমগ্ৰ বিশ্বৰ ওচৰত দেশবাসীক লজ্জানত কৰা মণিপুৰৰ দুই মহিলাক উলংগ কৰি নিৰ্যাতনৰ ভিডিঅ' প্ৰকাশ পোৱাৰ পিছতে দেশে-বিদেশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সভ্য সমাজক লজ্জানত কৰা মণিপুৰৰ এই জঘন্য ঘটনাত চিনাক্ত কৰা চাৰি অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । তাৰে ভিতৰত এজন হৈছে মুখ্য অভিযুক্ত হুইৰেম হেৰোদাস মেইটেই ।
ইতিমধ্যে চিনাক্ত হোৱা অভিযুক্তসকলৰ ভিতৰত চাৰি মূল অভিযুক্তৰ ভিতৰত অন্যতম হৈছে হুইৰেম হেৰোদাস মেইটেই । এই ঘৃণনীয় ঘটনাৰ ভিডিঅ' বুধবাৰে ভাইৰেল হোৱাৰ পিছতে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, গ্ৰেপ্তাৰ হোৱাৰ কেইঘণ্টামান পিছতে হুইৰেম হেৰোদাস মেইটেইৰ ঘৰত বৃহস্পতিবাৰে এদল মহিলাই অগ্নিসংযোগ কৰে ।
উল্লেখ্য যে মণিপুৰৰ থৌবাল জিলাত ৪ মে'ত সংঘটিত হৈছিল কুকি-জোমি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি যৌন নিৰ্যাতনৰ ঘটনা । এই ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰি অভিযুক্তৰ ভিতৰত ৩২ বছৰীয়া হেৰোদাছ হৈছে মুখ্য অভিযুক্ত । অৱশ্যে বাকী তিনিজনৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।
শেহতীয়া তথা মতে, হেৰোদাছৰ গ্ৰেপ্তাৰৰ বিষয়ে জানিব পাৰি অভিযুক্তৰ বাসভূমি পেটচি গাঁৱৰ মহিলাসকল একত্ৰিত হয় । তাৰ পিছত তেওঁলোকৰ মাজত হোৱা আলোচনাৰ অন্তত অভিযুক্তৰ মহিলাৰ দলটো হেৰোদাছৰ ঘৰলৈ গৈ ঘৰটো ভাঙি চূড়মাৰ কৰে । ইয়াৰ পিছত মহিলাৰ দলটোৱে ঘৰটোত অগ্নিসংযোগ কৰে ।
"এগৰাকী মহিলা হিচাপে, তেওঁ মেইটেই বা আন যি সম্প্ৰদায়ৰে নহওক কিয়, মহিলাৰ মৰ্যাদাহানি কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় । সেয়ে আমি এনে এজন ব্যক্তিক আমাৰ সমাজত থাকিবলৈ দিব নোৱাৰোঁ । এই ঘটনাটো সমগ্ৰ মেইটেই সম্প্ৰদায়ৰ বাবেই লজ্জাজনক ঘটনা ।" এগৰাকী মীৰা পাইবিৰ নেতাই অগ্নিসংযোগৰ ঘটনাৰ পিছত এনেদৰে কয় । উল্লেখ্য যে মীৰা পাইবি বা "মহিলা জোঁৰ বাহক" হৈছে মণিপুৰৰ জ্যেষ্ঠ মহিলাসকলৰ নেতৃত্বাধীন এক সামাজিক কৰ্মীৰ গোট ।