অসম

assam

ETV Bharat / bharat

Mobile snatched in moving train: মোবাইল চোৰক ধৰিবলৈ গৈ ৰে’লৰ চিৰিত পৰি যুৱকৰ মৃত্যু - মোবাইল চোৰক ধৰিবলৈ গৈ ৰে’লৰ তলত পৰি যুৱকৰ মৃত্যু

দেশত সঘনাই ৰে’লৰ পৰা মোবাইল চোৰৰ ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰিছে (Mobile snatching incident in train) ৷ কৰমণ্ডল এক্সপ্ৰেছত মোবাইল চোৰৰ ফোন আনিবলৈ ৰে’লৰ চিৰিত পৰি প্ৰাণ হেৰুৱাই এজন যাত্ৰীয়ে (Man died by fell from train) ৷

Mobile snatched in moving train.! north Indian died by fell from train
মোবাইল চোৰক ধৰিবলৈ গৈ ৰে’লৰ তলত পৰি যুৱকৰ মৃত্যু

By

Published : Jan 23, 2023, 3:52 PM IST

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী : পশ্চিম বংগৰ পৰা অহা কৰমণ্ডল এক্সপ্ৰেছত অঘটন সংঘটিত হৈছে ৷ দেওবাৰে চেন্নাই চেণ্ট্ৰেল ৰে’ল ষ্টেশ্য়নত মোবাইল চোৰৰ পৰা মোবাইল আনিবলৈ গৈ ৰে’লৰ ট্ৰেকত পৰি মৃত্যু হয় এজন যুৱকৰ (Man died at Coromandel express train) ৷ পশ্চিম বংগৰ পৰা অহা কৰমণ্ডল এক্সপ্ৰেছত (Coromandel express train) ৰণি (২৪) আৰু ভাতৃ আচাৰব শ্বেইখ (২৪) নামৰ দুজন যুৱকে ৰে’লখনৰ এছ ৪ কম্পাৰ্টমেণ্টত যাত্ৰা কৰি আহি আছিল ।

ঘটনাৰ বিৱৰণী অনুসৰি দুই ভাতৃয়ে ৰে’লখনৰ দুৱাৰমুখত বহি আহিছিল ৷ ৰে’লখন লাহে লাহে আহি কোৰুকুপেট আৰু বেচিন ব্ৰীজ ৰে’ল ষ্টেচনৰ মাজত চিগনেলৰ বাবে অপেক্ষা কৰি আছিল ৷ তেতিয়াই ট্ৰেকত থিয় হৈ থকা এজন যুৱকে ৰণিৰ হাতৰ পৰা ফোনটো কাঢ়ি নিবলৈ চেষ্টা কৰে ৷ কিন্তু ৰণিয়ে চোৰটোক বাধা প্ৰদান কৰি ফোনটো টানি আনিবলৈ যাওঁতেই পিচল খাই ৰে’লৰ চিৰিত পৰি যায় (Mobile snatched in moving train) ৷

লগতে পঢ়ক:Woman Naxalite Surrender: ছত্তীশগড়ত 8 লাখ টকাৰ পুৰস্কৃত মহিলা নক্সালবাদীৰ আত্মসমৰ্পণ

ৰণিয়ে ৰেল’ৰ চিৰিত খুন্দা খোৱাৰ ফলত মূৰত আঘাত পায় ৷ এই ঘটনা দেখি মোবইল চোৰটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ লগে লগে ৰে’লৱে আৰক্ষীয়ে যুৱকজন ৰেলৰ চিৰিত বাগৰি পৰা সন্দৰ্ভত অৱগত হৈ চিকিৎসকৰ দল এটাৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷ চিকিৎসকে ৰণিক পৰীক্ষা কৰালৈ ৰণিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে (Man died by fell from train) ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰণিৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । এই ঘটনা সন্দৰ্ভত ৰণিৰ ভাতৃয়ে এক গোচৰ ৰুজু কৰিছে ৷ ইফালে ভাতৃৰ আকস্মিক মৃত্যুত হতবাক হৈছে ভাতৃ আচাৰব (Chennai Central Railway station) ৷

আচাৰবৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে মোবাইল চোৰটোক বিচাৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে কোৰুকুপেট ৰে’লৱে আৰক্ষীয়ে এই ঘটনাৰ লগত সন্দেহ কৰি বিজয়কুমাৰ (১৯) আৰু বিজয় (১৯) নামৰ দুজন যুৱকক আম্বেদকাৰ নগৰ ৰে’ল কলনিৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে যুৱক দুজনক সোধা পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Mountaineer Anvi Chetan Ghatge: ৩ বছৰ বয়সতেই ভালিয়ানাগিৰিৰ শৃংগ বগাই আনভিৰ অভিলেখ

ABOUT THE AUTHOR

...view details