নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ :উত্তৰ প্ৰদেশত নিযুক্তিৰ নামত প্ৰৱঞ্চনা । চৰকাৰী বিদ্যালয়ত শিক্ষকৰ পদত নিযুক্তি দিয়াৰ নামত লক্ষ্ণৌত ১৩ জন যুৱকক প্ৰৱঞ্চনা এজনৰ । চাকৰি দিয়াৰ নামত যুৱককেইজনৰ পৰা ৯৫ লাখ টকাও সংগ্ৰহ কৰি পলায়ন অভিযুক্তৰ । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ।
চৰকাৰী বিদ্যালয়ত শিক্ষক পদত নিযুক্তি দিয়াৰ নামত যুৱককেইজনৰ পৰা ধন সংগ্ৰহ কৰি অভিযুক্তজনে ইতিমধ্যে পলায়ন কৰিছে । ভুক্তভোগীসকলে নিযুক্তি নোপোৱাত হতাশ হৈ পৰে আৰু আচিয়ানাৰ কোতৱালী আৰক্ষী থানাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে । তেওঁলোকৰ অভিযোগৰ ওপৰত ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । অভিযুক্তজনক সাহায্যপ্ৰাপ্ত বিদ্যালয় সন্থাৰ সভাপতি অনিল কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে, ফাৰুখাবাদৰ বাসিন্দা ভুক্তভোগী দীপচন্দ্ৰৰ শহুৰেকৰ ঘৰ আচিয়ানা ৰজনীখান্দত । ২০১৮ চনত দীপচন্দ্ৰই তাতেই অভিযুক্ত অনিল কুমাৰ সিঙক লগ পাইছিল । তেওঁ কৈছিল যে, তেওঁ সাহায্যপ্ৰাপ্ত বিদ্যালয় সন্থাৰ সভাপতি । আলোচনাৰ সময়ত অভিযুক্ত অনিলে কৈছিল যে, তেওঁ বিদ্যালয়ত শিক্ষক পদত নিযুক্তি দিব পাৰে । দীপচন্দ্ৰই অনিল সিঙৰ কথাবোৰ বিশ্বাস কৰি লৈছিল । তাৰ পাছত দীপচন্দ্ৰই তেওঁৰ পৰিচিত লোকসকলকো এই কথা কৈছিল । তাৰ পাছত অনিল সিঙে নিযুক্তি প্ৰদানৰ নামত তেওঁলোকৰ পৰা ধন বিচাৰে ।