নেশ্যনেল ডেস্ক, ২৭ জুলাই :সোমবাৰে নতুন দিল্লীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee)। তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত মমতা বেনাৰ্জীৰ এয়া প্ৰথমটো দিল্লী ভ্ৰমণ । মুখ্যমন্ত্ৰীগৰাকীৰ দিল্লী ভ্ৰমণক লৈ বিভিন্ন মহলত জল্পনা কল্পনা চলি আছে যদিও মঙলবাৰে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Narendra Modi) সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।
তৃণমূল কংগ্ৰেছৰ এক সূত্ৰই দিয়া তথ্য অনুসৰি তেওঁৰ পাঁচদিনীয়া ভ্ৰমণসূচী অনুসৰি বেনাৰ্জীয়ে মঙলবাৰে আবেলি ৪ বজাত মোডীক সাক্ষাৎ কৰাৰ কথা আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো (President Ram Nath Kovind) সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ইফালে তেওঁ কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু কমল নাথ, আনন্দ শৰ্মা আৰু অভিষেক মনু সিংভিকে ধৰি আন কেইবাজনো নেতাক সাক্ষাৎ কৰাৰ কথা আছে ।
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ (Parliament's Monsoon Session) মাজতে দিল্লী ভ্ৰমণৰ সময়ত তেওঁ আন বিৰোধী দলৰ নেতাসকলকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজনীতিত বৃহত্তৰ ভূমিকা ল'ব বিচৰা তৃণমূল কংগ্ৰেছৰ (TMC) সৰ্বোচ্চ নেতাগৰাকীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে পশ্চিমবংগত তেওঁৰ দলক ক্ষমতালৈ লৈ যোৱাৰ পিছত মমতা বেনাৰ্জীৰ দিল্লী ভ্ৰমণে চাৰিওফালে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।