অসম

assam

ETV Bharat / bharat

ভাৰতৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ মন্তব্য : বেকফুটত মালদ্বীপ

Boycott maldives: মালদ্বীপে ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ বিৰূপ মন্তব্যৰ বাবে ইয়াৰ ৰাজনীতিবিদসকলক সমালোচনা কৰি এটা চৰকাৰী বিবৃতি প্ৰকাশ কৰিছে, যিয়ে দুয়োখন দেশৰ মাজত এক ডাঙৰ কূটনৈতিক বিবাদৰ সৃষ্টি কৰিছে । ভাৰতীয় উচ্চায়ুক্তয়ো বিষয়টো মালেৰ সৈতে আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 7:44 PM IST

Boycott maldives
ভাৰত-মালদ্বীপৰ কূটনৈতিক বিবাদ

নিউজ ডেস্ক, 7 জানুৱাৰী : দ্বীপ ৰাষ্ট্ৰ মালদ্বীপৰ মন্ত্ৰী আৰু ৰাজনীতিবিদসকলে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষদ্বীপ ভ্ৰমণক উপহাস কৰি বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ পিছতে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে মালেৰ সৈতে বিষয়টো আলোচনা কৰিছে বুলি দেওবাৰে ইটিভি ভাৰতক এক সূত্ৰই প্ৰকাশ কৰিছে ৷

মালদ্বীপৰ এগৰাকী বৰ্তমানৰ মন্ত্ৰী মাৰিয়াম শ্বীউনাই তেওঁৰ টুইটত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰিছিল ৷ একেধৰণৰ কথাত নগৰ পৰিষদৰ মুখপাত্ৰ আৰু মালদ্বীপৰ যুৱ সশক্তিকৰণ উপমন্ত্ৰীয়েও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে উপহাসজনক মন্তব্য কৰিছিল ৷

যদিও দুঘণ্টামানৰ পিছতে শ্বীউনাৰ এই পোষ্টটো ডিলিট কৰা হৈছিল, ইতিমধ্যে ভাৰত আৰু মালদ্বীপৰ মাজত ইতিমধ্যে তিক্ত হৈ পৰা কূটনৈতিক সম্পৰ্ক অধিক বেয়া কৰি পেলাইছিল ৷

ইয়াৰ কিছু সময়ৰ পাছতে দেওবাৰে মালদ্বীপ চৰকাৰে এই বিবাদ সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে বিতৰ্কিত মন্তব্য ‘ব্যক্তিগত মতামত’ আৰু চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে ৷ মালদ্বীপ চৰকাৰে লগতে কয় যে এনে মন্তব্য কৰাসকলৰ বিৰুদ্ধে “ব্যৱস্থা ল’বলৈ কুণ্ঠাবোধ নকৰে” ৷

"ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বিদেশী নেতা আৰু উচ্চ পদস্থ ব্যক্তিৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ বিষয়ে মালদ্বীপ চৰকাৰ সচেতন ৷ এই মতামত ব্যক্তিগত আৰু মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে ৷ তদুপৰি, চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এনে অপমানজনক মন্তব্য কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কুণ্ঠাবোধ নকৰিব ৷" আনুষ্ঠানিক বিবৃতিটোত এনেদৰে পঢ়িবলৈ পোৱা গৈছে ৷

মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদে মালদ্বীপৰ ৰাজনীতিবিদসকলে কৰা অপমানজনক মন্তব্যক গৰিহণা দি ৰাষ্ট্ৰপতি মহম্মদ মুইজুক এই মন্তব্যৰ পৰা চৰকাৰক আঁতৰাই ৰাখিবলৈ আহ্বান জনায় ৷

তেওঁ কয় যে ভাৰত মালদ্বীপৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত "গুৰুত্বপূৰ্ণ" আৰু মুইজুক নতুন দিল্লীক আশ্বাস দিবলৈ কয় যে এই মন্তব্যই চৰকাৰী নীতিক প্ৰতিফলিত নকৰে ৷ "মালদ্বীপ চৰকাৰৰ বিষয়া @shiuna_m ৰ কি ভয়ংকৰ ভাষা এটা মূল মিত্ৰশক্তিৰ নেতাৰ প্ৰতি, যি মালদ্বীপৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ ৷ @MMuizzu gov এই মন্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব আৰু ভাৰতক স্পষ্ট আশ্বাস দিব লাগিব যে এইবোৰে চৰকাৰী নীতিক প্ৰতিফলিত নকৰে ৷" নাছিদে এক্সত এইদৰে পোষ্ট কৰে ৷

চৰকাৰী বিষয়াগৰাকীয়ে কৰা “বৰ্ণবাদী আৰু অপমানজনক মন্তব্য”ক মালদ্বীপ নেচনেল পাৰ্টিয়ে তীব্ৰ সমালোচনা কৰি সেইবোৰক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰি জড়িতসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

“মালদ্বীপ নেচনেল পাৰ্টিয়ে এজন চৰকাৰী বিষয়াই বিদেশী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা বৰ্ণবাদী আৰু অপমানজনক মন্তব্যক গৰিহণা দিয়ে ৷ এইটো গ্ৰহণযোগ্য নহয় ৷ জড়িতসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ আমি চৰকাৰক আহ্বান জনাইছো ৷”এমএনপিয়ে এইদৰে পোষ্ট কৰে ৷

২০২৩ চনৰ নৱেম্বৰ মাহত মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৱে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰে । নিৰ্বাচনী প্ৰচাৰত তেওঁ কয় যে তেওঁ নিজৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰায় ৭৫ জন ভাৰতীয় সামৰিক জোৱানৰ এটা সৰু দল আঁতৰাই মালদ্বীপৰ "ভাৰত প্ৰথম" নীতি সলনি কৰিব ৷

চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি সোমবাৰে মুইজুৱে চীন ভ্ৰমণৰ কথা ৷ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে তেওঁক আমন্ত্ৰণ জনাইছে, আৰু দুয়োপক্ষই ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, আৰু সেউজ উন্নয়নৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে সহযোগিতামূলক চুক্তিত উপনীত হোৱাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক নতুন পৰ্যায়লৈ উন্নীত কৰাৰ আশা কৰা হৈছে ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীক জোকাই ল’লে মালদ্বীপৰ ৰাজনীতিবিদে: আৰম্ভ বয়কট মালদ্বীপৰ ধাৰা

ABOUT THE AUTHOR

...view details