অসম

assam

ETV Bharat / bharat

Hijab Decree: আফগান মহিলাৰ বাবে চিন্তিত নোবেল বিজয়ী মালালা ইউচুফজাই - নোবেল বিজয়ী মালালা ইউচুফজাই

‘‘আফগানিস্তানৰ সকলো ধৰণৰ ৰাজহুৱা জীৱনৰ পৰা মহিলাক নিশ্চিহ্ন কৰিব বিচাৰিছে তালিবানে (Women removed from public life in Afghanistan) ৷ শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰী আৰু বিভিন্ন কৰ্মক্ষেত্ৰৰ পৰা মহিলাক আঁতৰাই পঠিওৱাৰ লগতে পৰিয়ালৰ কোনো পুৰুষ অবিহনে মহিলাক ভ্ৰমণ কৰাতো বাধা-নিষেধ প্ৰদান কৰিছে তালিবানে ৷’’ আফগান মহিলাৰ বাবে চিন্তিত মালালা ইউচুফজাই ৷

Hijab decree
Hijab decree

By

Published : May 10, 2022, 5:17 PM IST

নিউজ ডেস্ক, 10 মে’ :তালিবানে আফগানিস্তানত মহিলাৰ বাবে হিজাব বাধ্যতামূলক (Hijab compulsion in Afghanistan) বুলি ঘোষণা কৰাৰ পাচতে আফগানি জীয়ৰি-বোৱাৰীৰ জীৱনক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে নোবেল বিজয়ী মালালা ইউচুফজাই ৷ আফগান মহিলাৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ বাবে তালিবানক জবাবদিহি কৰিবলৈ মালালা ইউচুফজায়ে বিশ্বৰ নেতাসকলক আহ্বান জনাইছে (Malala Yousafzai slams Taliban for hijab decree) ৷

‘‘আফগানিস্তানৰ সকলো ধৰণৰ ৰাজহুৱা জীৱনৰ পৰা মহিলাক নিশ্চিহ্ন কৰিব বিচাৰিছে তালিবানে ৷ শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰী আৰু বিভিন্ন কৰ্মক্ষেত্ৰৰ পৰা মহিলাক আঁতৰাই পঠিওৱাৰ লগতে পৰিয়ালৰ কোনো পুৰুষ অবিহনে মহিলাক ভ্ৰমণ কৰাতো বাধা-নিষেধ প্ৰদান কৰিছে তালিবানে ৷ ইয়াৰ লগতে মহিলাক তেওঁলোকৰ সম্পূৰ্ণ দেহ ঢাকি ৰখাৰ বাবেও জোৰ জৱৰদস্তি কৰিছে ৷’’ টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মালালা ইউচুফজায়ে ৷

তেওঁ বিশ্বৰ নেতা সকলক এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আফগান মহিলাৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ বাবে তালিবানক জবাবদিহি কৰিবলৈ আহ্বান জনায় (Taliban obliterating Afghan women's human rights) ৷

‘‘তালিবানে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰাৰ পাচত আমি এতিয়া আফগান মহিলাৰ ক্ষেত্ৰত অনুভূতিহীন হ’ব নোৱাৰোঁ ৷ তাৰোপৰি এতিয়া, মহিলাক নিজৰ মানৱ অধিকাৰ আৰু মৰ্যদাৰ বাবে যুঁজিবলৈ ৰাস্তালৈ আহিবলৈ বাধ্য কৰিছে ৷ আমি সকলোৱে, বিশেষকৈ ইছলাম ৰাষ্ট্ৰসমূহ তেওঁলোকৰ সৈতে ঠিয় দিয়া উচিত ৷’’ এইদৰে কয় নোৱেল বিজয়ী মালালাই ৷

ইয়াৰপূৰ্বে ৰাষ্ট্ৰসংঘৰ মুৰব্বী এন্টনিঅ’ গাটাৰ্চে দেওবাৰে তালিবানে আফগান মহিলাক মূৰৰ পৰা ভৰিলৈকে ঢাকি ৰাখিবলৈ বাধ্য কৰোৱা বিষয়টোৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল ৷ তালিবানে মহিলাক শিক্ষা, ভ্ৰমণ, চাকৰি আদি ৰাজহুৱা জীৱনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ লগতে মূৰৰ পৰা ভৰিলৈকে ঢাকি ৰখাৰ বাবে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞাৰ এদিন পাচতে ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদক ৰিচাৰ্দ বেনেটে কয় যে, পদে পদে আফগান মহিলাৰ মানৱ অধিকাৰ খৰ্ব কৰি আছে ৷

লগতে পঢ়ক :Pulitzer Prize 2022 : পুলিৎজাৰ বঁটা প্ৰাপকৰ তালিকাত ভাৰতীয়

ABOUT THE AUTHOR

...view details