অসম

assam

ETV Bharat / bharat

Hair Growth Oil: কঁকালৈকে পৰিব আপোনাৰ চুলি; মাত্ৰ লগাওক ঘৰতে প্ৰস্তুত কৰিব পৰা এইবিধ তেল - চুলিক কেনেকৈ দীঘল কৰিব পাৰি

বজাৰৰ দামী সামগ্ৰীৰ পৰিৱৰ্তে ঘৰতে তৈয়াৰ কৰিব পৰা এইবিধ সস্তীয়া তেলে চুলিক আৰু অধিক উন্নত কৰা সহায় কৰিব । ঘৰতে এই তেল প্ৰস্তুত কৰাটোও অতি সহজ । পদ্ধতি তলত জানি লওক...

Hair Growth Oil
Hair Growth Oil

By

Published : Jun 27, 2023, 2:14 PM IST

বৰ্তমানৰ জীৱনশৈলী, খাদ্যাভ্যাস আৰু বৃদ্ধি পোৱা প্ৰদূষণে আপোনাৰ স্বাস্থ্যৰ লগতে চুলিতো অতি বেয়া প্ৰভাৱ পেলায় । ইয়াৰ ফলত আপোনাৰ চুলি পাতল, চুলি চিগা, বগা হোৱা, উফি আৰু তেলীয়া দেখা যায় । চুলিত সেই সামগ্ৰীবোৰ লগোৱাটো লাভদায়ক, যিয়ে চুলিক গভীৰভাৱে পুষ্টি প্ৰদান কৰে আৰু তলৰ পৰাও ভালে ৰাখে । কিন্তু, বজাৰত উপলব্ধ তেলবোৰত অতিৰিক্ত সুগন্ধি যোগ কৰা হয় অথবা বহুতো কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হয় । ইয়াৰ উপৰিও বিশুদ্ধ তেলবোৰো অতি ব্যয়বহুল আৰু প্ৰতিটো তেলে চুলি বৃদ্ধিত ভাল প্ৰভাৱ দেখুওৱাটো প্ৰয়োজনীয় নহয় ।

এনে পৰিস্থিতিত ইয়াত উল্লেখ কৰা পদ্ধতিৰে আপুনি আপোনাৰ চুলিৰ বৃদ্ধি আৰু অধিক উন্নত কৰিব পাৰিব । এই ভিডিঅ'টোৱে ইনষ্টাগ্ৰামত ৩ লাখতকৈ অধিক লাইক লাভ কৰিছে । এই ভিডিঅ'টোত আপুনি দেখা পাব যে কেনেকৈ ঘৰতে মাত্ৰ ৫বিধ সামগ্ৰী বস্তু মিহলাই চুলি গজা তেল তৈয়াৰ কৰা হয় । এই তেলে চুলিৰ বৃদ্ধিত সহায় কৰিব, চুলি দীঘল আৰু ডাঠ কৰিব আৰু চুলিৰ সুস্বাস্থ্য বজাই ৰখাতো ফলপ্ৰসূ হ’ব পাৰে । লগতে এই তেলে আপোনাৰ চুলি দীঘল, ডাঠ, ঘন আৰু মজবুত কৰাতো সহায় কৰিব ৷

এই তেল তৈয়াৰ কৰিবলৈ প্ৰথমে কেৰাহীত নাৰিকল তেল গৰম কৰিব লৈ ল’ব । তেলখিনি গৰম হোৱাৰ পিচত তাত আধা পিয়াঁজ দিব । কম জুইত ভাজি লৈ তাৰ পিচত এই তেলত ২ চামুচ হালধীয়া মেথি গুটি দিব । শেষত নৰসিংহৰ পাত আৰু তাৰ পিচত কিছু জবা ফুল দি দিয়ক । এই তেল ভালদৰে গৰম কৰাৰ পিচত চেকি বটলত ভৰাই ল’ব । এই তেল সপ্তাহত দুবাৰ প্ৰয়োগ কৰিলে চুলিত অতি ভাল প্ৰভাৱ দেখা যায় লগতে ই আপোনাৰ চুলিৰ বৃদ্ধিতো সহায় কৰিব পাৰে ।

লগতে পঢ়ক:Hacks of skin care: আপোনাৰ ছালখন সতেজ তথা কম বয়সীয়া কৰি ৰখাত সহায় কৰিব এইসমূহ সামগ্ৰীয়ে

ABOUT THE AUTHOR

...view details