নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: হাৰিয়ানাৰ ভিৱানী জিলাৰ দাদম গাঁৱৰ খননস্থলীত পুৱাই খহি পৰিল পাহাৰ (Hill slipped in bhiwani) । ধ্বসংস্তুপৰ মাজত আৱদ্ধ হৈ আছে ৫-১০ জন লোক আৰু ৬ খন বাহন । পুৱা প্ৰায় ৮.১৫ বজাত খননকাৰ্য চলি থকাৰ সময়তে পাহাৰৰ এটা ডাঙৰ অংশ খহি পৰে । এই ঘটনাত প্ৰাণ হেৰুৱায় এজন শ্ৰমিকে (Major accident occurred in mining area of Bhiwani) ।
আনহাতে, পাহাৰ খহি পৰাৰ ফলত উক্ত স্থানত পূৰ্বৰে পৰা ৰখাই থোৱা ডাম্পাৰ আৰু খননত ব্যৱহাৰ হোৱা প্ৰায় আধা ডজন যন্ত্ৰ ধ্বসংস্তুপৰ মাজত আৱদ্ধ হৈ পৰে । ভিৱানী জিলাৰ তোছাম বিধানসভা সমষ্টিৰ অন্তৰ্গত দদম গাঁও খনন কাৰ্যৰ বাবে জনাজাত । সম্প্ৰতি প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । পাহাৰৰ ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰি থকা হৈছে ।
অৱশ্যে, উক্ত স্থানত এতিয়া কিমানজন লোক আৱদ্ধ হৈ আছে, সেই বিষয়ে সঠিক তথ্য জানিব পৰা হোৱা নাই । আৰক্ষী-প্ৰশাসনে সংবাদ মাধ্যমৰ লোক আৰু আন সাধাৰণ লোকক পৰ্বত আৰোহণস্থলী পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে । সাধাৰণ লোকক ঘটনাস্থলীৰ পৰা আঁতৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।