নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ :সকলো জল্পনা কল্পনাৰ অৱসান । সংসদৰ পৰা বহিষ্কাৰ কৰা হ'ল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক । ধনৰ বিনিময়ত প্ৰশ্নৰ গোচৰত সংসদৰ নৈতিকতা সমিতিৰ পৰামৰ্শৰ পাছতে তৃণমূলৰ সাংসদগৰাকীক বহিষ্কাৰ কৰা হয় । আনকি সংসদত তীব্ৰ বিতৰ্কৰ পাছত মৈত্ৰক কথা ক'বলৈ অনুমতি দিয়া হোৱা নাছিল । সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে তৃণমূলৰ সদস্যজনক অনৈতিক আচৰণৰ বাবে বহিষ্কাৰ কৰাৰ বাবে এক প্ৰস্তাৱ উত্থাপন কৰিছিল । সেই প্ৰস্তাৱ ধ্বনি ভোটৰ দ্বাৰা গৃহীত হয় । লোকসভাৰ অধ্যক্ষই যোশীৰ প্ৰস্তাৱটোৰ ওপৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে বিৰোধী সদস্যসকলে সদন ত্যাগ কৰে ।
ৰাজেন্দ্ৰ আগৰৱালে নিম্ন সদনত অধিবেশনৰ অধ্যক্ষতা কৰি আছিল । তৃণমূল কংগ্ৰেছৰ সদস্যসকলৰ নেতৃত্বত বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে 'মোদী চৰকাৰ হায় হায়' শ্ল'গানেৰে প্ৰতিবাদ কৰে । সংসদৰ চলিত শীতকালীন অধিবেশনৰ আৰম্ভণিৰ দিনটোতে কাৰ্যসূচীত নৈতিকতা সমিতিৰ পৰামৰ্শৰ প্ৰতিবেদনখন উল্লেখ কৰা হৈছিল । অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে এইবাৰ ৰাইজে মহাভাৰতৰ যুদ্ধ দেখিব ।
সংবাদ মাধ্যমৰ সন্মুখত মহুৱা মৈত্ৰই কয় যে মা দুৰ্গা আহিছে, আমি চাম । কাপোৰ কাঢ়িবলৈ আৰম্ভ কৰা এই লোকসকলে এতিয়া মহাভাৰতৰ যুদ্ধ দেখিব বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল ।