অসম

assam

Maharashtra Govt Employees Strike : মুখ্যমন্ত্ৰীৰে বৈঠকৰ পিচত ধৰ্মঘট প্ৰত্যাহাৰ মহাৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰীৰ

By

Published : Mar 14, 2023, 9:05 PM IST

কৰ্মচাৰী সংঘৰ নেতা সম্ভাজী থোৰাটে ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে । কৰ্মচাৰীসকলে ধৰ্মঘট পালন কৰাৰ পিচত চৰকাৰৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় । বৈঠকত মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে (Maharashtra govt employees strike called off) ।

Maharashtra strike
Maharashtra strike

নিউজ ডেস্ক, ১৪ মাৰ্চ :মঙলবাৰে মহাৰাষ্ট্ৰত চৰকাৰী আৰু অৰ্ধ-চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেঞ্চন আঁচনি ৰূপায়ণৰ দাবীত ৰাজ্যজুৰি ধৰ্মঘটৰ আহ্বান জনায় (Mahararashtra govt employees strike demanding OPS) । অৱশ্যে পুৰণি পেঞ্চন আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী একনাথ সিন্দে (Chief Minister Eknath Shinde) আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনভিছৰ সৈতে হোৱা বৈঠকৰ পিছত ইউনিয়নে ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে (Maharashtra govt employees strike called off) । কৰ্মচাৰী সংঘৰ নেতা সম্ভাজী থোৰাটে ধৰ্মঘট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে ।

আনহাতে, কৰ্মচাৰীসকলে ধৰ্মঘট কৰাৰ পিচত চৰকাৰৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় (Maharashtra Employees Union meeting with CM) । বৈঠকত মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে । ইয়াৰ উপৰি দুদিনৰ ভিতৰত পুৰণি পেঞ্চন আঁচনি (old pension scheme) ৰূপায়ণৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্য সচিবৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হ'ব (Chief Secretary of Maharashtra) ।

ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰায় 18 লাখ কৰ্মচাৰীয়ে পুৰণি পেঞ্চন আঁচনি (অ'পিএছ) পুনৰ প্ৰৱৰ্তনৰ দাবীত মঙলবাৰে অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰে । আনহাতে, ৰাজ্য চৰকাৰে ধৰ্মঘটত যোগদান কৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণীও দিছিল । কিন্তু কৰ্মচাৰীসকলে সেই সতৰ্কবাণীক কোনো কেৰেপ নকৰিলে । ধৰ্মঘটত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ অধীনৰ চিকিৎসালয়ত কাম কৰা পেৰামেডিকেলৰ কৰ্মচাৰী, অনাময় কৰ্মী আৰু শিক্ষক তথা নাগৰিক সংস্থাৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল ।

আনহাতে, এই ধৰ্মঘটত মুম্বাইৰ জে জে চিকিৎসালয়ৰ তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে । উল্লেখ্য যে, পুৰণি পেঞ্চন নীতিৰ দাবীত পূৰ্বতেও ধৰ্মঘট পালন কৰা হৈছিল যদিও কোনো লাভ হোৱা নাছিল । জে জে চিকিৎসালয়ৰ প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি সতৰ্ক কৰি দিয়ে যে দাবী পূৰণ নোহোৱালৈকে ধৰ্মঘট অব্যাহত থাকিব ।

ইয়াৰ উপৰি শিক্ষকসকলেও এনে এটা সময়ত ধৰ্মঘটত যোগদান কৰিছে, যেতিয়া ৰাজ্যখনত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা চলি আছে । সোমবাৰে ইউনিয়ন আৰু ৰাজ্য চৰকাৰৰ মাজত আলোচনা বিফল হোৱাৰ পিছত কৰ্মচাৰীসকলে ধৰ্মঘটত বহাৰ সিদ্ধান্ত লয় । আনহাতে, মুখ্য সচিবে (সাধাৰণ প্ৰশাসন) সতৰ্ক কৰি দিছে যে ধৰ্মঘট কৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব পাৰে ।

সোমবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলক শান্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আঁচনিৰ দাবী সন্দৰ্ভত জ্যেষ্ঠ আমোলাসকলক লৈ এখন পেনেল গঠনৰ কথা ঘোষণা কৰে । পেনেলে ইয়াৰ প্ৰতিবেদন নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দিব বুলি বিষয়াসকলে কয় ।

লগতে পঢ়ক :Adani Row at Parliament : আদানী কাণ্ডত কংগ্ৰেছে আহ্বান জনোৱা বিৰোধী দলৰ বৈঠক ত্যাগ তৃণমূলৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details