নেশ্যনেল ডেস্ক, 18 জুলাই : ক'ভিডৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ মুখত মাস্কৰ পৰিৱৰ্তে গামোচা ব্যৱহাৰ কৰে মধ্যপ্ৰদেশৰ এগৰাকী মন্ত্ৰীয়ে ৷ মধ্য প্ৰদেশৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী উষা ঠাকুৰে ক'ভিডৰ পৰা ৰক্ষা পাবলৈ মাস্কৰ পৰিৱৰ্তে মুখত ডিঙিত এখন গামোচা লৈ ফুৰা পৰিলক্ষিত হৈছে ৷ খাণ্ডৱা জিলালৈ এক ভ্ৰমণত যোৱা অৱস্থাত মাস্কৰ পৰিৱৰ্তে মন্ত্ৰীগৰাকীক গামোচা ব্যৱহাৰ কৰা দেখা গৈছিল ৷
মাস্ক ব্যৱহাৰ নকৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, "মই সৰুৰে পৰা বৈদিক পদ্ধতি অনুসৰি মোৰ জীৱন-যাপন কৰি আহিছো ৷ মোৰ ঘৰত দিনে দুবাৰকৈ অগ্নিহোত্ৰ যজ্ঞ কৰা হয় ৷ প্ৰতিদিনেই মই শংখ বজাও" ৷ ক'ভিডৰ পৰা ৰক্ষা পাবলৈ অন্য লোকসকলক মুখত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, ক'ভিড-19 ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তেওঁ গামোচা ব্যৱহাৰ কৰে ৷