ন্যেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নৱৰাত্ৰি উপলক্ষে তেওঁৰ দ্বাৰা লিখা ‘গৰ্বা’ এটা শ্বেয়াৰ কৰে । এই শুভ ক্ষণত তেওঁ ৰাইজক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সকলোৰে সুখ আৰু সমৃদ্ধিৰ কামনা কৰে ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত গৰ্বাৰ ভিডিঅ’ৰ ইউটিউব লিংক শ্বেয়াৰ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, ‘‘নৱৰাত্ৰিৰ শুভ উপলক্ষে যোৱা সপ্তাহত লিখা এটা গৰ্বা শ্বেয়াৰ কৰি সুখী হৈছো । এই উৎসৱমুখৰ সুৰে সকলোকে মোহিত কৰক । এই গৰ্বাত কণ্ঠদান আৰু সংগীত দিয়াৰ বাবে মিট ব্ৰাদাৰ্ছ, দিব্য কুমাৰক ধন্যবাদ জনাইছো’’ ।
বিশেষকৈ নৱৰাত্ৰি উৎসৱৰ সময়ত গুজৰাটত গৰ্বা ডান্দিয়া পৰিৱেশন কৰা হয় । ৰাইজক নৱৰাত্ৰীৰ শুভেচ্ছা জনাই মোদীয়ে X ৰ এটা পোষ্টত কয় যে শক্তি প্ৰদয়িনী মা দুৰ্গাই সকলোৰে জীৱনত সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্য কঢ়িয়াই আনক । জয় মাতা দী’’ ।
সমগ্ৰ দেশতে নৱৰাত্ৰি শ্ৰদ্ধা আৰু ভক্তিসহকাৰে উদযাপন কৰা হয় । ইয়াৰ পিচত আহে দশেৰা উৎসৱ । প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰা গীতটি কণ্ঠদান কৰিছে দিব্য কুমাৰে । আনহাতে মিট ব্ৰাদাৰ্ছৰ মনমীত সিং আৰু হৰমীত সিঙে ট্ৰেকটোৰ সংগীত ৰচনা কৰিছে । গীতৰ কথা উল্লেখ কৰোতে প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা উল্লেখ কৰে ৷