নিউজ ডেস্ক, ৩০ এপ্ৰিল :দেওবাৰে পঞ্জাবৰ লুধিয়ানাৰ গিয়াচপুৰা অঞ্চলত এক গেছ নিৰ্গমনৰ ঘটনা সংঘটিত হয় (Gas leakage case in Punjab Ludhiana) । এই ঘটনাৰ ফলত মুঠ ১১ জন লোকৰ মৃত্যু হয় । আনহাতে, ঘটনাটোত বহু লোক মূৰ্চা যায় । তেওঁলোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এই ঘটনাত মৃতকৰ পৰিয়ালক 2 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰিছে পঞ্জাব চৰকাৰে (Chief Minister Bhagwant Mann on gas leakage case) । দুৰ্ঘটনাটোৰ পিছতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে এটা টুইটত কয় যে চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে (11 died in Punjab gas leakage case) ।
এই ঘটনাত মুখ্যমন্ত্ৰী ভগৱন্ত মানে এটা টুইটত কয়, "লুধিয়ানাৰ গিয়াচপুৰা অঞ্চলৰ কাৰখানাত গেছ নিৰ্গমনৰ ঘটনা অতি দুখজনক । ঘটনাস্থলীত আৰক্ষী, প্ৰশাসন আৰু এনডিআৰএফৰ দল উপস্থিত হৈছে । প্ৰতিটো সম্ভাব্য সহায় আগবঢ়োৱা হৈছে । পৰৱৰ্তী বিৱৰণ সোনকালে দিয়া হ'ব ।" উল্লেখ্য, পূৰ্বৱৰ্তী ঘোষণাত চৰকাৰে ভুক্তভোগীসকলৰ পৰিয়ালক 2 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰিছিল (Ludhiana Gas Leak Case) ।