নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ :তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত ধনৰ বিনিময়ত প্ৰশ্নৰ অভিযোগ আলোচনাৰ বাবে বৃহস্পতিবাৰে পুনৰ সংসদৰ নৈতিকতা সমিতি বৈঠকত মিলিত হ'ব । বৈঠকত সমিতিয়ে অভিযোগৰ খচৰা প্ৰতিবেদন গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । বিজেপি সাংসদ নিশিকান্ত ডুবেই মৈত্ৰৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত অভিযোগ দাখিল কৰিছিল । তেওঁ মৈত্ৰৰ বিৰুদ্ধে উপহাৰৰ বিনিময়ত ব্যৱসায়ী দৰ্শন হিৰানান্দনিৰ নিৰ্দেশত আদানি গোটক লক্ষ্য কৰি লোৱা বাবে লোকসভাত প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপন কৰিছিল ।
১৫ জনীয়া নৈতিকতা সমিতিখনত বিজেপিৰ ৭ গৰাকী, কংগ্ৰেছৰ ৩ গৰাকী আৰু বিএছপি, শিৱসেনা, ৱাইএছআৰ কংগ্ৰেছ পাৰ্টি, কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া-মাৰ্ক্সবাদী আৰু জনতা দলৰ (ইউনাইটেড) এজনকৈ সদস্য আছে । বৃহস্পতিবাৰৰ বৈঠকত সমিতিখনে মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ স্থিতি লোৱাৰ সম্ভাৱনা আছে । তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে যোৱা বৈঠকত সমিতিৰ মুৰব্বী বিনোদ কুমাৰ সোনকাৰৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল । অশালীন আৰু ব্যক্তিগত প্ৰশ্ন সোধাৰ অভিযোগত তেওঁ আৰু বিৰোধী সদস্যসকলে বৈঠক আধাতে এৰি ওলাই গৈছিল ।