নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক । বছৰৰ শেষমাহৰ আৰম্ভণিতে বৃদ্ধি হ'ল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য । তেল বিপণন কোম্পানীয়ে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত বৃদ্ধি কৰিছে ১০০ টকাকৈ(Commercial cylinder Price increased in India) । ১ ডিচেম্বৰৰ পৰা দেশত কাৰ্যকৰী কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ এই নতুন মূল্য(LPG cylinder new price in India) ।
ৰাজধানী দিল্লীত এতিয়া ১৯ কিল’গ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২১০১ টকা । ইয়াৰ পূৰ্বে যোৱা ১ নৱেম্বৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৬৬ টকাকৈ বৃদ্ধি কৰা হৈছিল । নৱেম্বৰ মাহত নতুন দিল্লীত ১৯.২ কিল’গ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২০০৫ টকা হৈছিলগৈ । দেশৰ অধিকাংশ ৰাজ্যতে ১৪.২ কিল’গ্ৰাম ৰাজসাহায্য বিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য ১,০০০ টকা ।
চৰকাৰে ৰাজসাহায্য বন্ধ কৰি দিয়াৰ বাবে ঘৰুৱা ব্যৱহাৰ্য চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে বুলি একাংশই অভিযোগ তুলিছে । বেংক একাউণ্টত ৰাজসাহায্যৰ ধনৰাশি লাভ নকৰাৰ বাবে গ্ৰাহকে এই সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে, চৰকাৰে চিলিণ্ডাৰৰ বাবে ৰাজসাহায্য দিয়াৰ বিষয়ে স্পষ্ট কৰা নাই ।