নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ:‘‘উঠ সোনকালে, পৰীক্ষা পালেহি’’....পৰীক্ষাৰ প্ৰাকমূহুৰ্তত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকেই মাক-দেউতাক বা অভিভাৱকে সচৰাচৰ এইদৰেই টোপনিৰ পৰা জগাই দিয়ে ৷ তাতে আকৌ পুহমহীয়া জাৰত কম্বলৰ তলৰ পৰা জানো ওলাবলৈ মন যায় ! কিন্তু উপায় নাই, উঠিবই লাগিব ৷
প্ৰায় দুমাহৰ পিছতে দেশৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ’ব দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা(forthcoming Board exams of secondary and higher secondary classes) ৷ পৰীক্ষা বুলি কলেই মাক-দেউতাকৰো তৎপৰতা বৃদ্ধি পায় ৷ নিজৰ সন্তানক পুৱতি নিশাই পঢ়া টেবুলত বহিবলৈ জগাই দিয়ে মাক-দেউতাকে ৷
কিন্তু পৰীক্ষাৰ প্ৰাকমূহুৰ্তত এখন ৰাজ্যৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীক টোপনিৰ পৰা জগাই দিবলৈ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ এতিয়াৰে পৰা আৰু পৰীক্ষাৰ্থীৰ পিতৃ-মাতৃয়ে সন্তানক পঢ়িবলৈ টোপনিৰ পৰা জগাব নালাগে(Parents will no longer wake up their child) ৷ পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাব ৰাজ্যখনৰ চৰকাৰে ৷
হয়, দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাবলৈ এক বিশেষ পদক্ষেপ লৈছে হাৰিয়ানা চৰকাৰে ৷ ৰাজহুৱা স্থানত মাইক লগাই পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাই দিয়াৰ ব্যৱস্থা লৈছে হাৰিয়ানা চৰকাৰে(Announcements on public address system) ৷ পুৱাই মাইক যোগে চিঞৰি উঠাই দিয়া হ’ব ছাত্ৰ-ছাত্ৰীসকলক(Loudspeakers to wake up Haryana students) ৷